কূৰ্ম
From Wikipedia, the free encyclopedia
কূৰ্ম (সংস্কৃত: कूर्म ; Kūrma, 'কচ্ছপ', 'কাছ') হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ দ্বিতীয় ৰূপ। এই অৱতাৰক 'কূৰ্মৰজা' (কাছৰ ৰজা) হিচাপেও জনা যায়। যজুৰবেদৰ দৰে বৈদিক গ্ৰন্থত কূৰ্মক কাশ্যপ নামৰ সপ্তৰ্ষি জনৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। সৰ্বসাধাৰণতে, পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী কালৰ সাহিত্য সম্ভাৰত কূৰ্ম ক্ষীৰ সাগৰৰ মন্থন (যাক সমুদ্ৰ মন্থন হিচাপেও জনা যায়)ৰ সৈতে যোজিত কৰা হয়। তদুপৰি, কূৰ্ম এই পৃথিৱীৰ আধাৰ হিচাপে পৰিচিত 'বিশ্ব কচ্ছপ'ৰ সমাৰ্থক। ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত কূৰ্ম হৈছে দ্বিতীয় অৱতাৰ।