এ পি জে আব্দুল কালাম
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিজ্ঞানী / From Wikipedia, the free encyclopedia
আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam, উচ্চাৰণ (সহায়·তথ্য); তামিল: ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।
এ পি জে আব্দুল কালাম | |
---|---|
ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ২০০২ (2002-07-25) – ২৫ জুলাই ২০০৭ (2007-07-25) | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী মনমোহন সিং |
উপ ৰাষ্ট্ৰপতি | কৃষ্ণ কান্ত ভৈৰোঁ সিং শ্বেখৱট |
পূৰ্বসূৰী | কে আৰ নাৰায়ণন |
উত্তৰসূৰী | প্ৰতিভা দেৱী সিং পাটিল |
ব্যক্তিগত তথ্য | |
জন্ম | আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম ১৫ অক্টোবৰ, ১৯৩১ ৰামেশ্বৰম, ব্ৰিটিছ ভাৰত (বৰ্তমান তামিলনাডু, ভাৰত |
মৃত্যু | ২৭ জুলাই, ২০১৫ (৮৩ বছৰ) শ্বিলং, মেঘালয়, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | চেইণ্ট যোচেফ কলেজ, তিৰুচিৰাপল্লী মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকনলজি |
জীৱিকা |
|
পুৰস্কাৰ | ভাৰত ৰত্ন (১৯৯৭) হুভাৰ মেডেল (২০০৯) ভন ব্ৰাউন বঁটা (২০১৩) |
উল্লেখযোগ্য কৰ্ম | অগ্নিৰ ডেউকা |
স্বাক্ষৰ | |
ৱেবছাইট | abdulkalam.com |
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ') আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।[1] কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।[2] ১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাবা আৰু বিক্ৰম সাৰাভাইয়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল।[3]
২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram)-ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে।[4] জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।[5] যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত "মই কি দিব পাৰোঁ" (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।