অগ্নিৰ ডেউকা
From Wikipedia, the free encyclopedia
অগ্নিৰ ডেউকা: ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মকথা (১৯৯৯) হ'ল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত। কালামৰ আত্মকথাখনত তেখেতৰ বাল্যকাল, ছাত্ৰজীৱন আৰু কৰ্মজীৱন, উপগ্ৰহ উৎক্ষেপণত তেখেতৰ আত্মনিয়োগৰ কাহিনী আদি সন্নিবিষ্ট হৈছে। এম. আই. টি. (চেন্নাই)ত বৈমাণিকী অভিযান্ত্ৰিকী শিক্ষা লাভ কৰি কালামে হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডত নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল।
ক্ষিপ্ৰ তথ্য অগ্নিৰ ডেউকা, লেখক ...
অগ্নিৰ ডেউকা | |
---|---|
লেখক | এ পি জে আব্দুল কালাম |
প্ৰকাৰ | আত্মকথা |
প্ৰকাশক | ইউনিভাৰচিটী প্ৰেছ |
প্ৰকাশ | ১৯৯৯ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৮০ |
আই.এচ.বি.এন. | 81-7371-146-1 |
অ.চি.এল.চি নং | 41326410 |
এল চি শ্ৰেণীকৰণ | Q143.A197 A3 1999 |
বন্ধ কৰক