![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/22/Mattei_Athena_Louvre_Ma530_n2.jpg/640px-Mattei_Athena_Louvre_Ma530_n2.jpg&w=640&q=50)
এথেনা
From Wikipedia, the free encyclopedia
এথেনা বা পালাছ এথেনা (ইংৰাজী: Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী।[2] তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়। তেওঁক গ্ৰীচৰ বিভিন্ন নগৰ, বিশেষকৈ এথেন্সৰ অধিষ্ঠাত্ৰী আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় আৰু খুব সম্ভৱ সেইবাবেই তেওঁ এথেনা নাম পায়। শিল্পকলাসমূহত এথেনাক শিৰোস্ত্ৰাণ পৰিধান কৰা অৱস্থাত হাতত এডাল যাঠীৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁৰ প্ৰধান চিহ্নসমূহ হৈছে ফেঁচা, জলফাইৰ গছ, সাপ আৰু গৰ্গনৰ শিৰ।
এথেনা Ἀθηνᾶ | |
---|---|
জ্ঞান, জলফাই, বোৱা-কটা আৰু সমৰ কৌশলৰ দেৱী | |
![]() ল্যুভৰ সংগ্ৰহালয়ত থকা এথেনাৰ প্ৰতিমূৰ্ত্তি। | |
নিবাস | অলিম্পাছ পৰ্বত |
প্ৰতীক | ফেঁচা, জলফাইৰ গছ, সাপ, এজিছ (জন্তুৰ ছলৰ বৰ্মবিশেষ), যুদ্ধৰ সাঁজ, শিৰোস্ত্ৰাণ, যাঠী, গ'ৰ্গনৰ শিৰ |
পিতৃ-মাতৃ | ইলিয়াদৰ মতে: কেৱল জ্যুচ থিয়'গনিৰ মতে: জ্যুচ আৰু মেটিচ[টোকা 1] |
সহোদৰ | এইকাচ, এঞ্জেল'ছ, এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, ডাঅ'নিচাছ, এইলেথিয়া, এন্য', ইৰিছ, এৰছা, হেবি, ট্ৰ'য়ৰ হেলেন, হেফেষ্টাচ, হেৰাক্লিচ, হাৰ্মিচ, মিন'চ, পেণ্ডিয়া, পাৰ্চিফোনি, পাৰ্চিয়াচ, ৰেডামান্থাচ, গ্ৰেচসকল, হ'ৰেসকল, লিটেসকল, মিউজসকল, মৈৰাইসকল |
সন্তান | এথেন্সৰ এৰিকথ'নিয়াচ (তোলনীয়া) |
ৰোমান সমাৰ্থক | মিনাৰ্ভা |
কোনো বিশেষ স্থানৰ ৰক্ষাকৰ্তা এজিয়ান মূলৰ দেৱী হিচাপে এথেনাৰ নাম এথেন্সৰ সৈতে জড়িত হৈ আছে। তেওঁক প'লিয়াছ আৰু প'লিয়াক'ছ (অৰ্থাৎ চিটি-ষ্টেট বা নগৰ-ৰাজ্য) নামেৰেও জনা যায়। এথেনাৰ মন্দিৰসমূহ নগৰৰ মধ্যভাগত দুৰ্গৰে পৰিৱেষ্টিত এক্ৰ'প'লিছত অৱস্থিত। এথেনিয়ান এক্ৰ'প'লিছৰ পাৰ্থেননৰ লগতে বিভিন্ন মন্দিৰ আৰু স্থাপত্য এথেনাৰ প্ৰতি উচৰ্গিত। কুটীৰ শিল্প আৰু বোৱা-কটাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে তেওঁ আৰ্গেন নামেৰেও পৰিচিত। এথেনা এগৰাকী সমৰ দেৱী আৰু এই কথা বিশ্বাস কৰা যায় যে তেওঁ সৈনিকসকলক যুদ্ধলৈ নেতৃত্ব দি আগবঢ়াই নিয়ে। পেনাথেনিয়া হৈছে এথেনাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ আৰু এথেনিয়ান দিনপঞ্জী অনুসৰি এই উৎসৱ গ্ৰীষ্মকালৰ মাজভাগত পালন কৰা হয়।