জলফাই
From Wikipedia, the free encyclopedia
জলফাই (বৈজ্ঞানিক নাম: Elaeocarpus serratus) হৈছে এলিঅ’কাৰপেচী (Elaeocarpaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ ফুলৰ বৰণ বগা। উদ্ভিদৰ আকাৰ মধ্যমীয়াৰ পৰা ডাঙৰ। জলফাই সাধাৰণতে শ্ৰীলংকা আৰু দক্ষিণ ভাৰত, আৰু ভাৰত উপমহাদেশৰ উত্তৰ অংশৰ অসম, বাংলাদেশ আৰু অন্যান্য কিছুমান অঞ্চলত পোৱা যায়। ইয়াৰ ফল খোৱাৰ উপযোগী। ইয়াৰ উপৰি এই উদ্ভিদ সৌন্দৰ্যবৰ্ধন, ধৰ্মীয় আৰু থলুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
ক্ষিপ্ৰ তথ্য জলফাই, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
জলফাই | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Oxalidales |
পৰিয়াল: | Elaeocarpaceae |
গণ: | Elaeocarpus |
প্ৰজাতি: | E. serratus |
বৈজ্ঞানিক নাম | |
Elaeocarpus serratus L. | |
Varieties | |
Elaeocarpus serratus var. weibelii Zmarzty | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক