![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/4e/Aion_mosaic_Glyptothek_Munich_W504.jpg/640px-Aion_mosaic_Glyptothek_Munich_W504.jpg&w=640&q=50)
ইউৰেনাচ (গ্ৰীক দেৱতা)
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গ্ৰীক দেৱতা 'ইউৰেনাচ'ৰ বিষয়ে। সৌৰজগতৰ গ্ৰহ 'ইউৰেনাচ'ৰ বাবে ইউৰেনাচ চাওক।
ইউৰেনাচ (ইংৰাজী: Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ।[2][3][4] পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল। কিন্তু অন্যান্য সূত্ৰৰ মতে ইউৰেনাচৰ জন্ম নিক্স অথবা ইথাৰ আৰু হেমেৰাৰ পৰা হৈছিল।[5] ইউৰেনাচ আৰু গেইয়া প্ৰথম প্ৰজন্মৰ টাইটানসকলৰ পিতৃ-মাতৃ আৰু অধিকাংশ গ্ৰীক দেৱ-দেৱীৰ পূৰ্বপুৰুষ। কিন্তু ধ্ৰুপদী সময়ছোৱাত ইউৰেনাচৰ বাবে উৎসৰ্গিত কোনো ধৰ্মীয় পন্থাৰ চিন পোৱা নাযায়।[6] প্ৰাচীন গ্ৰীক মৃৎশিল্পত ইউৰেনাচৰ উপস্থিতি দেখা নাযায়। অৱশ্যে হোমাৰৰ মহাকাব্য অনুসৰি ভূমি, আকাশ আৰু ষ্টিক্স নদী (পৃথিৱী আৰু পাতালপুৰীৰ সীমাৰ নদী) সংযুক্তও হ'ব পাৰে।[7]
ক্ষিপ্ৰ তথ্য ইউৰেনাচ, নিবাস ...
ইউৰেনাচ | |
---|---|
আকাশৰ আদি দেৱতা | |
![]() গেইয়াৰ সৈতে ইউৰেনাচ | |
নিবাস | আকাশ |
প্ৰতীক | ৰাশিচক্ৰ |
সঙ্গী | গেইয়া |
পিতৃ-মাতৃ | গেইয়া ইথাৰ আৰু হেমেৰা নাইক্স বা ইলিয়াম আৰু বেৰুথ |
সন্তান | টাইটানসকল, চাইক্ল'পচসকল, মিলিসমূহ (বনদেৱতা), ফিউৰিসমূহ, দানৱসমূহ, হেকাটনখিয়েৰচ আৰু এফ্ৰোডাইটি[1] |
ৰোমান সমাৰ্থক | কেইলাচ |
বন্ধ কৰক