হোমাৰ
From Wikipedia, the free encyclopedia
পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ (pron.: /ˈhoʊmər/; প্ৰাচীন গ্ৰীক: Ὅμηρος, Hómēros) হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম।
হোমাৰ (গ্ৰীক Ὅμηρος Homēros) | |
---|---|
হেলেনীয় যুগত নিৰ্মিত হোমাৰৰ এক কাল্পনিক প্ৰতিমূৰ্তি (ব্ৰিটিছ সংগ্ৰহালয়)। | |
জীৱনকাল | আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা |
প্ৰভাৱ | আবেগবিহ্বল মৌখিক কাব্য |
প্ৰভাৱিত কৰিছিল | দ্ৰুপদী কাব্য (পাশ্চাত্য শিল্প আৰু দৰ্শন) |
হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত। হিৰ'ড'টাছৰ মতে হোমাৰৰ জীৱনকাল আছিল তেওঁতকৈ ৪০০ বছৰ আগতে, যাৰ অৰ্থ প্ৰায় খ্ৰীষ্টপূৰ্ব ৮৫০।[1] আনহাতে অন্য প্ৰাচীন সূত্ৰ মতে তেওঁৰ জীৱনকাল ট্ৰ'জান যুদ্ধৰ সময়ৰ ওচৰা-ওচৰি, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১২শ শতিকাৰ প্ৰথম ভাগ।[2]
আধুনিক পণ্ডিতসকলৰ মতে "হোমাৰৰ সময়কাল"-এ কোনো ব্যক্তিবিশেষক বুজোৱা নাই, বৰং মহাকাব্যকেইখন ৰচনা হোৱা সময়হে সূচাইছে। অধিকাংশৰ মতে ইলিয়াড আৰু ওডিছীৰ ৰচনাকাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৮ম শতিকা। ইলিয়াড ওডিছীতকৈ সম্ভৱ কেইদশকমান আগতে ৰচিত,[3] অৰ্থাৎ হিছিঅ'ডতকৈ আগতে।[4] ইলিয়াড পশ্চিমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীনতম চানেকী। যোৱা কেইদশকমান ধৰি কোনো কোনো পণ্ডিতে খ্ৰীষ্টপূৰ্ব ৭ম শতিকা বুলিও মত পোষণ কৰিছে। গ্ৰেগৰী নেগীকে ধৰি তাৰে কিছুমানে যুক্তি দৰ্শাই যে এই সময় অধিক পিছৰ, কাৰণ বহুকাল ধৰি হোমাৰৰ কাব্যৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টপূৰ্ব ৬ম শতিকাতহে এইবোৰে পূৰ্ণ সংগঠিত ৰূপ পাইছিল।[5] হোমাৰৰ ঐতিহাসিক ব্যক্তিত্বক লৈ উঠা প্ৰশ্নক "হোমাৰীয় প্ৰশ্ন" বুলি কোৱা হয়। তেওঁৰ জীৱনৰ বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়।[6] তেওঁৰ কবিতাসমূহ বহু শতাব্দীৰ মৌখিক গল্পকথন আৰু এক সুগঠিত কাব্যৰচনা ব্যৱস্থাৰ মিশ্ৰণ বুলিও ভবা হয়। মাৰ্টিন ৱে'ষ্টৰ দৰে কিছুমান পণ্ডিতৰ মতে "হোমাৰ কোনো ঐতিহাসিক কবিৰ নাম নহয়, বৰং এক কাল্পনিকভাৱে সৃষ্ট এক নামহে।" [7]
গ্ৰীক সংস্কৃতিৰ বিকাশত হোমাৰৰ মহাকাব্যৰ অৱদান সৰ্বজনস্বীকৃত। হোমাৰক গ্ৰীছৰ শিক্ষক বুলিও কোৱা হৈছিল।[8] হোমাৰৰ কৰ্মৰাজীত থকা বক্তৃতাসমূহ প্ৰাচীন আৰু মধ্যযুগৰ কথিত বা লিখিত যুক্তিমূলক গ্ৰীক সাহিত্যৰ বাবে আদৰ্শস্বৰূপ আছিল। পেপিৰাছত লিখা প্ৰাচীন গ্ৰীক সাহিত্যৰ আধাখিনিমানেই হোমাৰৰ শৈলীত লিখা।[9]