আনে' ফ্ৰাংক
ইহুদী ডায়েৰিষ্ট আৰু হ'ল'কাষ্টৰ বলি হোৱা লোক (১৯২৯–১৯৪৫) / From Wikipedia, the free encyclopedia
আনে’লিছ মেৰি ফ্ৰাংক (ইংৰাজী: Annelies Marie Frank; ১২ জুন ১৯২৯- ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫)[1] ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল। ইহুদী গণহত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনে' ফ্ৰাংক। ১৯৪৭ চনত প্ৰকাশ পোৱা 'দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল' (প্ৰথমে ওলন্দাজ ভাষাত 'Het Achterhuis' নামেৰে কিতাপখন প্ৰকাশ পাইছিল, যাৰ ইংৰাজী ভাষাত অৰ্থ The Secret Annex) গ্ৰন্থৰ বাবে তেওঁ মৰণোত্তৰভাৱে বিশ্বজোৰা খ্যাতি লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে নেডাৰলেণ্ডছ দখল কৰাৰ পাছত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ গোপনে কটোৱা কালছোৱাৰ বিষয়ে তেওঁ এই দিনলিপিত বৰ্ণনা কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত আনে'ৰ এই দিনলিপিখন বিশ্বৰ সবাতোকৈ পৰিচিত আৰু চৰ্চিত গ্ৰন্থসমূহৰ অন্যতম। ইয়াৰ ভিত্তিত কেবাখনো নাটক আৰু চলচ্চিত্ৰও নিৰ্মাণ হৈছে।
আনে' ফ্ৰাংক | |
---|---|
আনে' ফ্ৰাংকে নেডাৰলেণ্ডছৰ আমষ্টাৰডামৰ ৬নং মণ্টেশ্বৰী স্কুলত পঢ়ি থকা সময়ৰ ছবি (১৯৪০ চন) | |
জন্ম | আনে'লিছ মেৰি ফ্ৰাংক ১২ জুন, ১৯২৯ ফ্ৰাংকফুৰ্ট, জাৰ্মানী |
মৃত্যু | ফেব্ৰুৱাৰী, ১৯৪৫ (আনুমানিক) (১৫ বছৰ বয়সত) বাৰ্জেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী |
সমাধিস্থল | বাৰ্গেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী |
পেচা |
|
ভাষা |
|
ৰাষ্ট্ৰীয়তা |
|
শিক্ষা |
|
ধৰণ |
|
আত্মীয়-স্বজন |
|
স্বাক্ষৰ |
জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত জন্মগ্ৰহণ কৰা আনে' ফ্ৰাংকে জীৱনৰ অধিকাংশ সময় নেডাৰলেণ্ডছৰ আমষ্টাৰডাম আৰু ইয়াৰ কাষৰীয়া ঠাইত কটাইছিল। জাৰ্মানীৰ শাসনভাৰ নাজীৰ অধীনলৈ যোৱাত ৪.৫ বছৰ বয়সতে আনে' ফ্ৰাংকে পৰিয়ালৰ সৈতে নেডাৰলেণ্ডছলৈ গৈছিল। এগৰাকী জাৰ্মান নাগৰিক হিচাপে জন্ম লাভ কৰিছিল যদিও ১৯৪১ চনত আনে'ই নাগৰিকত্ব হেৰুৱাইছিল আৰু তেতিয়াৰ পৰা ৰাষ্ট্ৰহীন লোক হিচাপে পৰিগণিত হৈছিল। জাৰ্মানসকলে নেডাৰলেণ্ডছ দখল কৰাত ১৯৪০ চনৰ মে' মাহৰ সময়লৈ ফ্ৰাংক পৰিয়ালটো আমষ্টাৰডামতে আৱদ্ধ হৈ পৰিছিল। ১৯৪২ চনৰ জুলাই মাহত ইহুদী লোকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰাত আনে'ৰ পৰিয়ালটোৱে তেওঁৰ দেউতাক অটো ফ্ৰাংকে কাম কৰা অট্টালিকাটোত থকা কিতাপৰ আলমাৰীটোৰ পিছফালৰ গোপন কোঠাকেইটাত লুকাই থাকিবলৈ লৈছিল। তেতিয়াৰ পৰা ১৯৪৪ চনৰ আগষ্টত নাজীসকলৰ গুপ্তচৰ বাহিনীয়ে পৰিয়ালটো আটক কৰালৈকে আনে' ফ্ৰাংকে নিয়মীয়াভাৱে এখন দিনপঞ্জী লিখি গৈছিল। এই দিনলিপিখন আনে'ই তেওঁৰ জন্মদিনত উপহাৰ হিচাপে পাইছিল। ফ্ৰাংকৰ পৰিয়ালটো আটক হোৱাৰ পাছত তেওঁলোকক বন্দীশিবিৰলৈ পঠিওৱা হয়। ১৯৪৪ চনৰ ১ নৱেম্বৰত[2] আনে' আৰু তেওঁৰ ভনী মাৰ্গটক অস্বিৎজৰ পৰা বাৰ্গেন-বেলচেন বন্দী শিবিৰলৈ পঠিওৱা হয়। কেইমাহমান পিছত তাতেই দুয়োৰে মৃত্যু হয় (সম্ভৱতঃ সন্নিপাত জ্বৰত ভুগি)। ৰেডক্ৰছে প্ৰথমে তেওঁলোকৰ মাৰ্চত মৃত্যু হোৱা বুলি অনুমান কৰিছিল। ওলন্দাজ কৰ্তৃপক্ষয়ো ৩১ মাৰ্চত তেওঁলোকৰ মৃত্যু হোৱা বুলি চৰকাৰী নথিত উল্লেখ কৰিছে। কিন্তু ২০১৫ চনত আনে' ফ্ৰাংক হাউছৰ দ্বাৰা সম্পন্ন হোৱা গৱেষণাত প্ৰকাশ পাইছিল যে তেওঁলোকৰ হয়তো ফেব্ৰুৱাৰী মাহতহে মৃত্যু হৈছিল।[1]
যুদ্ধত বাছি থকা ফ্ৰাংক পৰিয়ালৰ একমাত্ৰ ব্যক্তি অটোৱে যুদ্ধৰ শেষত আমষ্টাৰডামলৈ আহি জানিব পাৰিলে যে জীয়ৰী আনে'ৰ দিনলিপিখন তেওঁৰ সচিব মিপ গিছে সুৰক্ষিতভাৱে ৰাখিছে। অটোৰ প্ৰচেষ্টাতে ১৯৪৭ চনত দিনলিপিখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছিল। পিছলৈ এইখন মূল ওলন্দাজ ভাষাৰ পৰা ইংৰাজীলৈ অনূদিত হয় আৰু ১৯৫২ চনত "দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল" নামেৰে প্ৰকাশ পায়। তেতিয়াৰ পৰা ই ৭০ টাতকৈও অধিক ভাষালৈ অনূদিত হৈছে (অসমীয়াকে ধৰি)।