ওলন্দাজ ভাষা মূলতঃ ইউৰোপনেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা[3] হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে।[4] ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্‌ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লাণ্ট্‌চ্‌ (Nederlands) নামেৰে জনা যায়।

ক্ষিপ্ৰ তথ্য ওলন্দাজ, থলুৱা অঞ্চল ...
ওলন্দাজ
Nederlands
থলুৱা অঞ্চল নেডাৰলেণ্ডচ আৰু ফ্লেণ্ডাৰচ
অঞ্চল নেডাৰলেণ্ডচ, বেলজিয়াম, ছুৰিনাম, আৰু ইণ্ডোনেছিয়া; লগতে আৰুবা, কুৰাকাঅ’, ছিণ্ট মাৰ্টেন, ফৰাচী ফ্লেণ্ডাৰচ
জাতীয়তা
  • ওলন্দাজ লোক
  • ফ্লেমিচ্‌ লোক
  • ইণ্ডো লোক
স্থানীয় ভাষিক
22 million (2016)e19
মুঠ (মাতৃভাষা আৰু দ্বিতীয় ভাষা): ২.৮ কোটি (২০১৮)[1]
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
  • জাৰ্মানীয়
    • পশ্চিম জাৰ্মানীয়
      • Low Franconian (Frankish)
        • ওলন্দাজ
পূৰ্বসূৰী
পুৰণা ওলন্দাজ
  • মধ্য ওলন্দাজ
লিখন প্ৰণালী
  • ৰোমান (ওলন্দাজ বৰ্ণমালা)
  • ওলন্দাজ ব্ৰেইল্
সংকেতিক ৰূপ
সংকেতিক ওলন্দাজ (NmG)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
  •  আৰুবা
  •  বেলজিয়াম
  •  কুৰাকাঅ’
  •  নেডাৰলেণ্ডচ
  •  ছিণ্ট মাৰ্টেন
  •  ছুৰিনাম

নিয়মাধীন হয়
Nederlandse Taalunie
(ওলন্দাজ ভাষা সংঘ)
ভাষা সংকেত
ISO 639-1 nl
ISO 639-2 dut (B)
nld (T)
ISO 639-3 nld ওলন্দাজ/ফ্লেমিচ্‌
গ্লোটোলগ mode1257[2]
লিংগোৱাস্ফেয়াৰ 52-ACB-a
বন্ধ কৰক

প্ৰচলন

নেডাৰলেণ্ডচৰ মূল ভূখণ্ডৰ বাহিৰে ওলন্দাজ ভাষাৰ প্ৰচলন বেলজিয়ামৰ উত্তৰাঞ্চলত আছে। বেলজিয়ামত প্ৰচলিত ওলন্দাজ ভাষাৰ এই উপভাষাটো ফ্লেমিচ্‌ নামেৰে জনা যায়। বৃহত্তৰ নেডাৰলেণ্ডচ সাম্ৰাজ্যৰ অন্তৰ্গত আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত ওলন্দাজ ভাষাৰ প্ৰচলন আছে। দক্ষিণ আমেৰিকাৰ দেশ ছুৰিনামতো এই ভাষাৰ বহুল প্ৰচাৰ আছে। নগণ্য পৰিমাণৰ ওলন্দাজ ভাষিক সংখ্যালঘু ফ্ৰান্স,[5] জাৰ্মানী আৰু ইণ্ডোনেছিয়াত বাস কৰে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়াত প্ৰায় ৫০ লাখ ওলন্দাজ ভাষী প্ৰবাসীয়ে বাস কৰে। দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ প্ৰায় ১.৬ কোটি লোকৰ মাতৃভাষা আফ্ৰিকান্স ভাষা ওলন্দাজ ভাষাৰ পৰা বিকশিত এক কন্যা ভাষা। এই দুই ভাষাৰ ভাষিকসকলে ইজনে সিজনৰ কথা বুজিব পাৰে।

লিপি

ওলন্দাজ ভাষা ৰোমান লিপিত লিখা হয়। ইংৰাজী আৰু জাৰ্মান ভাষাৰ সৈতে ইয়াৰ যথেষ্ট সাদৃশ্য আছে। ভাষাটোৰ শব্দকোষৰ প্ৰায় ২০% জাৰ্মানীয় মূলৰ[6] আৰু প্ৰায় ৬.৮% ফৰাচী মূলৰ।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.