ঐতিহাসিক পৰ্যটনস্থল From Wikipedia, the free encyclopedia
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। অসমৰ পৰ্যটন উদ্যোগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদিৰ দৰে নানান ৰাষ্ট্ৰীয় উদ্যান আৰু কামাখ্যা, উমানন্দ দৰে মঠ-মন্দিৰ আৰু ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰৰ দৰে নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে।
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
অসমত মুঠ ৭খন ৰাষ্ট্ৰীয় উদ্যান (ৰাজ্যৰ মাটিকালিৰ ২.৫১% শতাংশ) আৰু ১৮খন অভয়াৰণ্য (ৰাজ্যৰ মাটিকালিৰ ১.৮৮% শতাংশ) আছে।[3][4][5] ইউনেস্কোই কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থানবুলি স্বীকৃতি দিছে।[6] পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। অসমৰ বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ বনফুল (Orchid), বিলুপ্তপ্ৰায় প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। এই নদীৰ ওপৰত থকা দলংসমূহ হৈছে: শৰাইঘাট দলং, কলীয়াভোমোৰা সেতু, নৰনাৰায়ণ সেতু, বগীবিল দলং আৰু ভূপেন হাজৰিকা সেতু। এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰিক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে।
গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূৱত অৱস্থিত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ। আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। মাজুলী মহকুমা যোৰহাট জিলাৰে এক অংশ। মাজুলী যোৰহাট জিলাৰ লগতে অসমৰে এখন উল্লেখযোগ্য পৰ্যটনস্থল। যোৰহাটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতীগড় শিৱদ'ল, বুঢ়ীগোসানী দেৱালয়, গৰখীয়া দ'ল, ঢেকীয়াখোৱা বৰ নামঘৰ, লাচিত বৰফুকন মৈদাম, অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে।
স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে, য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।[7] ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে।
দক্ষিণপাট সত্ৰ হৈছে অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেউখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলিত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ।
আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ[8]। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়[9]। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
ঠেঙাল ভৱন হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই ১৮৮০ দশকত ঠেঙাল ভৱনটো নিৰ্মাণ কৰিছিল।[10] ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।[11][12]
অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে শোণিতপুৰ জিলা। উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান।
তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি। ১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক'লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। পিছলৈ ইয়াৰ নাম "চিত্ৰলেখা উদ্যান" ৰখা হয়।
ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।[13]
১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে।[14]
বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দক্ষিণৰ এখন প্ৰাচীনতম পবিত্ৰ স্থান। দশম শতিকামানত ৰচিত কালিকাপুৰাণত বিশ্বনাথ হিন্দুধৰ্মৰ এখন প্ৰধান তীৰ্থক্ষেত্ৰ হিচাপে উল্লেখ হোৱা দেখা যায়। আহোম ৰাজত্বত বিশ্বনাথ ক্ষেত্ৰত কেবাটাও দৌল-দেৱালয় নিৰ্মাণ কৰা হৈছিল।[15]
আহোম সাম্ৰাজ্যৰ এখন ঐতিহাসিক স্থান। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱ দ'ল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান।
তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ ৰংপুৰত অৱস্থিত। ই আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।[16] প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে।[17][18]
সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ ব্ৰিটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে।
পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষ্মীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। ইয়ালৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ৪ কিঃমিঃ।
বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত গৌৰীদৌল অৱস্থিত।
এশিঙীয়া গড়ৰ বাবে পৃথিৱীবিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশই নগাঁও জিলাক স্পৰ্শ কৰি আছে। বহুতো বন্যপ্ৰাণী আৰু পশু-পক্ষীৰ আশ্ৰয়স্থলী কাজিৰঙা অসম তথা ভাৰতৰ এক জনপ্ৰিয় পৰ্যটনস্থলী। উদ্যানখন চাবলৈ অহা দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাৰুকৈয়ে পৰিলক্ষিত হয়।[19]
ঐতিহ্যমণ্ডিত বৰদোৱা থান বা বটদ্ৰৱা থান নগাঁও চহৰৰপৰা প্ৰায় ওঠৰ(১৮)কিলোমিটাৰ নিলগত অৱস্থিত। অসমীয়া জাতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা আৰু বৈষ্ণৱ ধৰ্মগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি হিচাপে খ্যাত। মহাপুৰুষজনাৰ আদৰ্শ আৰু নীতিত বিশ্বাস ৰখা বহুতো ভক্তৰ এই থানলৈ ভিন্ ভিন্ সময়ত আগমন ঘটে। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল[20][21][22]
নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল(১৬) কিলোমিটাৰ পূবত অৱস্থিত চামগুৰি বিল বা পখীতীৰ্থ। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।[23]
চাপানালা নামে ঠাইত থকা চম্পাৱতী কুণ্ড বা চম্পাৱতী জলপ্ৰপাত নগাঁও জিলাৰ এক আকৰ্ষণীয় পৰ্যটনস্থলী। জলপ্ৰপাতটোলৈ যাবলৈ নগাঁও চহৰৰপৰা প্ৰায় একঘণ্টা সময় লাগে। ওচৰে-পাজৰে থকা চাহ-বাগানৰ সৌন্দৰ্য আৰু বিভিন্ন পখীৰ আগমনে জলপ্ৰপাতটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়াই আহিছে।[24]
ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধিশালী অসমৰ এখন পাহাৰীয়া জিলা। সদৰ স্থান হাফলং এখন সুন্দৰ ঠাই তথা অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান। জাতিংগা হাফলঙৰ নিকতৱৰ্তী গাঁও যি চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে বিখ্যাত। ডিমা হাছাওৰ উল্লেখনীয় পৰ্য্যটন ক্ষেত্ৰ সমূহ হৈছে উমৰাংছু, পানীমূৰ জলপ্ৰপাত, মাইবং, চেলকাল পীকৰ টুমজাং ট্ৰেক ইত্যাদি।
গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মহানগৰ। গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা মন্দিৰ, অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ, মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আদি বিভিন্ন পৰ্য্যটন স্থান আছে। ইয়াৰোপৰি গুৱাহাটী চহৰৰ পৰা কিছু নিলগত অৱস্থিত বাইহাটা চাৰিআলিৰ মদন কামদেৱ দেৱালয় আৰু দক্ষিণ কামৰূপৰ চানডুবি বিল আকৰ্ষণীয় পৰ্যটন স্থলী।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.