From Wikipedia, the free encyclopedia
মাইবং (IPA: ˌmɑɪˈbɒŋg) (ইংৰাজী: Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷
মাইবং | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিমা হাছাও জিলা |
চৰকাৰ | |
• ধৰণ | Dima Hasao Autonomous Territorial Council |
কালি | |
• মুঠ | 10 km2 (4 sq mi) |
উচ্চতা | ৩৫৫ মিটাৰ (১,১৬৫ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ | 20,664 |
• ঘনত্ব | 2,100/km2 (5,400/sq mi) |
মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷
মাইবং ভৌগোলিকভাৱে 25.3°N 93.17°Eত অৱস্থিত৷[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷
মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷[3] মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷
মাইবঙৰ মূল ধৰ্মাৱলম্বী লোকৰ সংখ্যা | ||||
---|---|---|---|---|
ধৰ্ম | শতাংশ | |||
হিন্দু | ৯৯% | |||
মুছলমান | ০.৮% | |||
খ্ৰীষ্টান | ০.১% | |||
নাস্তিক | ০.১% |
ৰে'লৰ নাম | ৰে'লৰ নম্বৰ | পৰা | লৈ | প্ৰত্যাৱৰ্ত্তন | গমন (Departure) |
---|---|---|---|---|---|
কাছাৰ এক্সপ্ৰেছ | ১৫৬৯১ | লামডিং | শিলচৰ | 10:29 PM | 10:39 PM |
কাছাৰ এক্সপ্ৰেছ | ১৫৬৯২ | শিলচৰ | লামডিং | 04:09 | 04:19 |
বৰাক ভেলী এক্সপ্ৰেছ | ১৫৬৯৩ | লামডিং | ধৰ্মনগৰ | 06:48 | 06:58 |
বৰাক ভেলী এক্সপ্ৰেছ | ১৫৬৯৪ | ধৰ্মনগৰ | লামডিং | 18:49 | 18:59 |
আগৰতলা এক্সপ্ৰেছ | ১৫৬৯৫ | লামডিং | আগৰতলা | 23:34 | 23:44 |
আগৰতলা এক্সপ্ৰেছ. | ১৫৬৯৬ | আগৰতলা | লামডিং | 07:46 | 07:56 |
হিল কুইন এক্সপ্ৰেছ | ০৫৬৯৭ | লামডিং | হাফলং | 11:41 | 11:51 |
হিল কুইন এক্সপ্ৰেছ | ০৫৬৯৮ | হাফলং | লামডিং | 15:10 | 15:20 |
মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়-
মহাবিদ্যালয়-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.