জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল।

ইতিহাস

Thumb
পকীত থকা এক প্ৰস্তৰলিপি

১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। ইয়াতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল। ১৯৭৭ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ দিনটোত অসম চৰকাৰে 'পকী' অধিগ্ৰহন কৰে। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। চৰকাৰে আগৰৱালা পৰিয়ালক ৪ (চাৰি) লাখ টকা দি জ্যোতি ভাৰতীক চৰকাৰীকৰণ কৰে।


Thumb
জ্যোতি ভাৰতীৰ সন্মূখৰ দৃশ্য

পকীত থকা বিভিন্ন সামগ্ৰী

ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে। জ্যোতি ভাৰতীৰ যাদুঘৰত শৈশৱৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো (ঢাকাত থাকোঁতে), নটসূৰ্য ফণী শৰ্মা, নৃত্যশিল্পী শোণিত কোঁৱৰ গজেন বৰুৱা, গীত ৰচি থকা অৱস্থাত বিষ্ণু প্ৰসাদ ৰাভাৰ ফটো, ৰূপকোঁৱৰৰ মাতৃ কিৰণময়ী আগৰৱালাৰ গহনা থোৱা যতন, জ্যোতি প্ৰসাদৰ অৰ্গেন আদি সংৰক্ষিত হৈ আছে।[1]


তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.