ৱিকিপিডিয়াৰ "যিকোনো" প্ৰবন্ধত "জীৱিত ব্যক্তিৰ বিষয়ে তথ্য" যোগ কৰাৰ সময়ত সম্পাদকসকলে কিছুমান নিৰ্দিষ্ট সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।[1] এনে তথ্য বিলাক অতি সংবেদনশীলতাৰে প্ৰস্তুত কৰা উচিত আৰু সেইবিলাক আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সকলো সন্দৰ্ভিত আইন, এই নীতি আৰু "ৱিকিপিডিয়াৰ তিনি মূল সমল নীতি" মতে বৈধ হ’ব লাগিব। ৱিকিপিডিয়াৰ তিনিটা মূল সমল নীতি হ'ল:
|
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
|
যদি আপুনি ৱিকিপিডিয়াত জীৱনীমূলক সমলসমূহৰ শুদ্ধতা বা উপযুক্ততাৰ বিষয়ে চিন্তিত, জীৱিত ব্যক্তিৰ জাননীফলকত সমস্যাবোৰৰ অভিযোগ দাখিল কৰক। আপোনাৰ বিষয়ে লিখা প্ৰবন্ধবোৰৰ বাবে, অনুগ্ৰহ কৰি তলত "Dealing with articles about yourself" চাওক। |
আমি প্ৰবন্ধটো সকলো নিয়মমতে শুদ্ধৰূপত পাব লাগিব। প্ৰবন্ধৰ গুণগত মান সম্পৰ্কে অতি সচেতন হওক। সকলো উদ্ধৃতি আৰু "বিবাদমান বা বিবাদ হোৱাৰ সম্ভাৱনা থকা" সকলো সমল কোনো প্ৰকাশিত আৰু বিশ্বাসযোগ্য তথ্যসূত্ৰৰ সৈতে inline citation দ্বাৰা সংযুক্ত কৰা বাঞ্ছনীয়। জীৱিত ব্যক্তিজনৰ বিষয়ে কোনো অসমৰ্থিত বা অপৰ্যাপ্তভাৱে সমৰ্থিত সমল (তথ্যসূত্ৰ নোহোৱা বা তথ্যসূত্ৰৰ বিশ্বাসযোগ্যতা সন্দেহাতীত নহ'লে)- লাগিলে সি যোগাত্মক, বিয়োগাত্মক, নিৰপেক্ষ, বা বিবাদজনক- যিয়েই নহওক, সেইখিনি আলোচনালৈ অপেক্ষা নকৰি তুৰন্তে বিলোপ কৰা উচিত।[2] যিসকল ব্যৱহাৰকাৰীয়ে এই নীতি ক্ৰমাগতভাৱে বা গুৰুতৰৰূপে উলংঘন কৰে, তেওঁলোকক সম্পাদনাৰ পৰা অৱৰূদ্ধ কৰা হ’ব পাৰে।
জীৱিত লোকৰ জীৱনী(BLPs) ৰক্ষণশীলভাৱে আৰু ব্যক্তিজনৰ ব্যক্তিগত গোপনীয়তাৰ প্ৰতি সন্মান জনাই লিখিব লাগে। ৱিকিপিডিয়া এখন বিশ্বকোষ, পৰচৰ্চাৰ থলী নহয়; ৱিকিপেডিয় কোনো মনোৰঞ্জক উদ্দীপনাৰ সৃষ্টি কৰা বা ব্যক্তিজনৰ জীৱন সম্পৰ্কে উত্তেজনামূলক দাবীবিলাক প্ৰচাৰ কৰাৰ ব্যৱস্থা নহয়, আৰু সেয়ে তেনে প্ৰবন্ধ সম্পাদনাৰ সময়ত জীৱিত ব্যক্তিজনক বিপদত পেলাব পৰা কোনো সম্ভাৱনীয়তা সম্পৰ্কে অতি সচেতন হোৱা প্ৰয়োজন। এই নীতি সকলো জীৱিত লোকৰ জীৱনী বা প্ৰবন্ধত উল্লেখ থকা যিকোনো জীৱিত ব্যক্তি, (তেওঁ প্ৰবন্ধটোৰ মূল বিষয় নহ’লেও), আৰু আন কোনো পৃষ্ঠাত সেই জীৱিত ব্যক্তিজনৰ বিষয়ে উল্লেখ কৰাৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব।[3] ৱিকিপিডিয়াত এনেধৰণৰ সম্পাদনাৰ প্ৰমাণৰ দ্বায়িত্ব সেই প্ৰবন্ধটো যোগ বা পুণৰোত্থাপ কৰা ব্যক্তিজনৰ ওপৰত ন্যস্ত থাকিব।