ৱিকিপিডিয়াত ঐক্যমত বোলোতে সম্পাদকসকলে সমিলমিলৰ মাজত সম্পাদনা কৰাকে বুজায়। তেওঁলোকে মতভেদৰ সময়ত আলোচনা পৃষ্ঠাত আলোচনা কৰি বা ইজনে সিজনক ভদ্ৰভাৱে ফোন ক'ৰি বা মেইল বা ৱিকিৰে সদস্যজনৰ 'আলোচনা' পৃষ্ঠাত বা ফে'চবুকত মেচেজ ক'ৰি সমস্যাটো নিজৰ মাজতে সমাধান কৰি লোৱা উচিত। ডাঙৰ বিষয় যেনে 'এডমিন' নিৰ্বাচিত কৰা বা নতুন বেটুপাত প্ৰকাশ কৰা আদিৰ বাবে ৱিকিপিডিয়াৰ 'ৱিকিচ'ৰাত'ত আলোচনা কৰি আৰু প্ৰয়োজন হ'লে ভোট লৈ ল'ব লাগে।
|
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
|
সংক্ষেপে এই পৃষ্ঠাখন: ঐক্যমত হৈছে ৱিকিপিডিয়াৰ সম্পাদকীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ মৌলিক আৰ্হি। |