চ্যু-কা-ফা
From Wikipedia, the free encyclopedia
চাও-লুং চ্যু-কা-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡ইংৰাজী: Chao-Lüng Siu-Ka-Fa, ৰাজত্বকাল: ১২২৮-১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনৰ দেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ; ᥖᥬᥳ ᥑᥨᥒᥰ/德宏州) ৰাজকোঁৱৰ আছিল,[1] আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।[2] চ্যু-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ'য়ত স্থায়ীকৈ ৰাজধানী পাতে। চ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যু-কা-ফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগত চাও-লুং (চাও: ঈশ্বৰ, লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।
ক্ষিপ্ৰ তথ্য চাও-লুং চ্যু-কা-ফা 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡, ৰাজত্ব ...
চাও-লুং চ্যু-কা-ফা 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡 | |
---|---|
চাও-লুং চ্যু-কা-ফাৰ প্ৰতিমূৰ্তি | |
ৰাজত্ব | ১২২৮ – ১২৬৮ |
অভিষেক | অসম দিৱস (২ ডিচেম্বৰ, ১২২৮) |
উত্তৰসূৰী | চ্যু-তেও-ফা |
নাঙ-লুং (কুঁৱৰী) | আই-মে' চাও-লু চেন-চুম-ফা য়িলো-কে-চি-চুম-ফা |
সম্পূৰ্ণ নাম | |
চাও-লুং চ্যু-কা-ফা | |
বাসগৃহ | ছ্যু ফৈদ |
মাতৃ | ব্ল'ক খাম-ছেন |
পিতৃ | চাং-ন্যেও |
জন্ম | চীনদেশৰ দেহ'ঙ (মধ্যযুগৰ মু'ঙ মাও) |
সমাধিস্থল | চ্যু-কা-ফা মৈ-দাম,চ্যু-কা-ফা হাবি গাঁও, ছে ৰাই দ'য়, অসম |
ধৰ্ম | আহোম ধৰ্ম (তাও ধৰ্মৰ এটা শাখা) |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক