ব্ৰহ্মপুত্ৰ উপত্যকা
হিমালয় পৰ্বতমালাৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল / From Wikipedia, the free encyclopedia
ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয় পৰ্বতমালাৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল। ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈ সমূহেৰে গঠিত। এই উপত্যকা অসম পশ্চিমলৈ গোৱালপাৰা আৰু কামৰূপ অঞ্চল, মধ্য অসমৰ দৰং আৰু নগাঁও অঞ্চল আৰু পূব অসমৰ যোৰহাট, ডিব্ৰুগড় লখিমপুৰ অঞ্চলৰে গঠিত। পশ্চিম বংগৰ উত্তৰ বংগ অঞ্চলত ব্ৰহ্মপুত্ৰ নদ তিস্তা নদীৰ লগত মিলি বাংলাদেশত প্ৰৱেশ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাৰ লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বংগোপসাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত।বাংলাদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত গংগা-মেঘনা-পদ্মা নদীৰ উপত্যকাৰ লগত মিলিছে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি পৃথিৱীৰ অন্যতম সাৰুৱা মাটি। বৰ্ষাৰণ্য আৰু মৌচুমী জলবায়ুৰ সংমিশ্ৰণত ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।[1] ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ প্ৰাকৃতিক অঞ্চল সমূহৰ ভিতৰত এখন। অসমৰ আন দুখন প্ৰাকৃতিক অঞ্চল হৈছে বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।