User:SlowPhoton/sandbox
From Wikipedia, the free encyclopedia
হংকং (English: Hong Kong; আনুষ্ঠানিক নাম: গণপ্ৰজাতন্ত্ৰী চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল; Hong Kong Special Administrative Region of the People's Republic of China) হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্বশাসিত ৰাজ্য।[1] হংকং ইয়াৰ দিগন্ত ৰেখা আৰু প্ৰাকৃতিক সুগভীৰ বন্দৰৰ বাবে বিখ্যাত।[2] ইয়াৰ মটিকালি হৈছে ১,১০৪ বৰ্গকিলোমিটাৰ আৰু ইয়াৰ উত্তৰ সীমান্তত চীনৰ মূল ভূখণ্ডৰ গুৱাণ্ডন প্ৰান্ত অৱস্থিত। প্ৰায় ৭২ লাখ নাগৰিকৰ সৈতে, হংকং হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল মহানগৰ সমূহৰ ভিতৰত এক অন্যতম নগৰ।
১৮৪২ চনৰ প্ৰথম আফিম যুদ্ধৰ শেষত চিং সাম্ৰাজ্যই হংকং দ্বীপক ব্ৰিটিছ সাম্ৰাজ্যৰ হাতলৈ হস্তান্তৰ কৰে, আৰু তেতিয়াৰে পৰা হংকং ব্ৰিটিছ উপনিবেশত পৰিণত হয়।[3] উপনিবেশটো দ্বিতীয় আফিম যুদ্ধৰ পাছত ১৮৬০ চনত কাউলুন উপদ্বীপলৈকে প্ৰসাৰিত হয় আৰু ব্ৰিটেইনে ১৮৯৮ চনত নতুন অঞ্চলৰ এক ৯৯-বছৰৰ ইজাৰ লাভ কৰে।[4][5] এই সমগ্ৰ বৃহত্তৰ হংকং অঞ্চলটো ব্ৰিটেইনে চীনৰ হাতলৈ হস্তান্তৰ কৰা হয় ১৯৯৭ চনত।[6] তেতিয়াৰে পৰা এক বিশেষ প্ৰশাসনিক অঞ্চল হিচাপে হংকং "এক দেশ, দুটি ব্যৱস্থা" নীতিৰ অধীনত চীনৰ মূল ভূখণ্ডৰ পৰা পৃথক প্ৰশাসনিক তথা অৰ্থনৈতিক ব্যৱস্থা বজায় ৰাখে।[7]