User:Jdlangridge/sandbox
Medical condition / From Wikipedia, the free encyclopedia
অৰ্শৰোগ (US English) বা বিভিন্ন অৰ্শৰোগ UK: /ˈhɛmərɔɪdz/, হৈছে শিৰা সম্বন্ধীয় গুহ্যদ্বাৰ ত থকা এক বিন্যাস যি মল নিয়ন্ত্ৰণ কৰাত সহায়ক হয়৷[1][2] সেইবোৰ ৰুগীয়া বা অৰ্শত[3] পৰিণত হয়, যেতিয়া ফুলি উঠে বা পোৰণি উঠে. সিহঁতৰ জৈৱিক অৱস্থাত, সিহঁতে ৰক্তবাহী উপসিৰা সমূহ আৰু সংযোজক কোষ-কলা ৰে সজ্জিত গাদীৰ নিচিনাকৈ ভূমিকা পালন কৰে৷
This is the user sandbox of Jdlangridge. A user sandbox is a subpage of the user's user page. It serves as a testing spot and page development space for the user and is not an encyclopedia article. Create or edit your own sandbox here. Other sandboxes: Main sandbox | Template sandbox Finished writing a draft article? Are you ready to request review of it by an experienced editor for possible inclusion in Wikipedia? Submit your draft for review! |
Jdlangridge/sandbox |
---|
ৰুগীয়া অৰ্শৰ লক্ষণসমূহ মূলতঃ নিৰ্ভৰ কৰে ইয়াৰ বিদ্যমানতাৰ ওপৰত৷ অন্তঃৱৰ্তী অৰ্শ সাধাৰণতে বিষ নোহোৱাকৈয়ে হয়, আনহাতে গুহ্যদ্বাৰৰ ৰক্তক্ষৰণ বহিঃৱৰ্তী অৰ্শই ভালেমান উপসৰ্গৰ সৃষ্টি কৰে বা যদি ৰক্তনলীত তেজ গোট মৰা পায়ু ৰ ঠাইখিনিত এক বিশেষধৰণ বিষ হয় আৰু ফুলি উঠে৷ বহু লোকে গুহ্যদ্বাৰত দেখা দিয়া যিকোনো উপসৰ্গকে ভুলকৈ উপস্থাপনেৰে “অৰ্শ” বুলি ধৰি লয় আৰু যাৰ ফলত উপসৰ্গৰ গুৰুতৰ কাৰণ এৰাই চলা হয়৷ [4] য’ত অৰ্শৰ প্ৰকৃত কাৰণ অজ্ঞাত হৈ ৰৈ যায়, ভালেসংখ্যক কাৰণ যিয়ে পেটৰ আভ্যন্তৰীণ ভাগত চাপ বৃদ্ধি কৰে, বিভিন্ন ক্ষেত্ৰত কোষ্ঠকাঠিন্য ই অৰ্শৰ বিকাশত ভালেখিনি অৰিহণা যোগায়৷
সাধাৰণৰ পৰা মধ্যমীয়া ধৰণৰ ৰোগৰ প্ৰাথমিক চিকিৎসাত সন্নিৱিষ্ট থাকে আঁহযুক্ত আহাৰ গ্ৰহণ পৰিমাণ বৃদ্ধি কৰা, দেহত পানীৰ যৌগ পৰ্যাপ্ত পৰিমানৰ থাকিবলৈ জুলীয়া আহাৰ খোৱা, বিষৰ পৰা উপশম পাবলৈ NSAIDs ৰ ব্যৱহাৰ, আৰু জিৰণি৷ যদিহে উপসৰ্গসমূহ গুৰুতৰ হয় বা ৰক্ষণশীল ব্যৱস্থাৰে কোনো উন্নত নহয় তেনে অৱস্থাত কিছুপৰিমাণৰ গৌণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে এনে প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কোনো সুফল নোপোৱা সকলৰ বাবে অস্ত্ৰোপচাৰ অন্তিমটো পথ হিচাপে থাকে৷ প্ৰায় অৰ্ধেকাংশ লোকেই তেওঁলোকৰ জীৱনত অৰ্শ ৰোগৰ সমস্যাৰ সমূখীন হয়৷ পৰিণাম সাধাৰণতে ভালেই হয়৷