ৱিকিপিডিয়া:নিৰ্ভৰযোগ্য উৎস
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ নিৰপেক্ষ দৃষ্টিভংগীত (ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী চাওক) প্ৰকাশিত নিৰ্ভৰযোগ্য, প্ৰকাশিত উৎসৰ ওপৰত ভিত্তি কৰি হ'ব লাগে। যদি কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য উৎস বিচাৰি পোৱা নাযায়, তেন্তে ৱিকিপিডিয়াত সেই বিষয়ত কোনো প্ৰবন্ধ থাকিব নালাগে।
এই পৃষ্ঠাখন অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনাৰ পথনিৰ্দেশিকা থকা প্ৰবন্ধ। এয়া হৈছে সাধাৰণতে স্বীকৃত মানদণ্ড যাক সম্পাদকসকলে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত, যদিও ইয়াক সাধাৰণ জ্ঞানৰ সৈতে সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰা হয়, আৰু মাজে মাজে ব্যতিক্ৰমো হ'ব পাৰে। এই পৃষ্ঠাৰ যিকোনো গুৰুত্বপূৰ্ণ সম্পাদনাই সহমত প্ৰতিফলিত কৰিব লাগে। যদি ইয়াৰ কোনো বিষয় স্পষ্ট হোৱা নাই, প্ৰথমে আলোচনা পৃষ্ঠাত আলোচনা কৰক। |
|
এই পথনিৰ্দেশিকাত বিভিন্ন ধৰণৰ উৎসৰ নিৰ্ভৰযোগ্যতাৰ বিষয়ে আলোচনা কৰা হৈছে। উৎস উল্লেখৰ মূলনীতি হৈছে বিশ্বাসযোগ্যতা, য'ত প্ৰত্যাহ্বান জনোৱা বা প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা থকা যিকোনো সামগ্ৰীৰ বাবে আৰু সকলো উদ্ধৃতিৰ বাবে বাক্যভুক্ত বিৱৰণৰ প্ৰয়োজন হয়। বিশ্বাসযোগ্যতাৰ নীতি মূল স্থানৰ সকলো সমলৰ ক্ষেত্ৰত— প্ৰবন্ধ, তালিকা আৰু প্ৰবন্ধৰ কোনো অংশত— কোনো ব্যতিক্ৰম নোহোৱাকৈ কঠোৰভাৱে প্ৰয়োগ কৰা হয়, আৰু বিশেষকৈ জীৱিত ব্যক্তিৰ জীৱনীৰ ক্ষেত্ৰত, য'ত কোৱা হৈছে:
Contentious material about living persons (or, in some cases, recently deceased) that is unsourced or poorly sourced—whether the material is negative, positive, neutral, or just questionable—must be removed immediately and without waiting for discussion.
এই নিৰ্দেশনা আৰু উৎসৰ উল্লেখ সম্পৰ্কীয় নীতিৰ মাজত বৈপৰীত্যৰ সৃষ্টি হ'লে নীতিসমূহে অগ্ৰাধিকাৰ লাভ কৰে আৰু সম্পাদকসকলে আলোচনাৰ মাধ্যমেৰে মতবিৰোধ সমাধান কৰিব লাগে। উৎসৰ লগত সম্পৰ্কীত আন নীতিসমূহ হ'ল ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা আৰু ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী। উৎসৰ নিৰ্ভৰযোগ্যতাৰ বিষয়ে প্ৰশ্নৰ বাবে ৱিকিপিডিয়া:নিৰ্ভৰযোগ্য উৎস/জাননী চাওক।