From Wikipedia, the free encyclopedia
ৱাল্টাৰ হেন্দ্ৰিক গাষ্টভ লুইন (জন্ম ২৯ জানুৱাৰী, ১৯৩৬) এজন ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক। লুইনে ১৯৬৫ চনত ডেল্ফট য়ুনিভাৰ্ছিটি অৱ টেকনলজীৰ পৰা নিউক্লিয় পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৬৬ চনত মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে।
ৱাল্টাৰ এইচ জি লুইন | |
---|---|
২০১১ চনৰ ১৬ মে' তাৰিখে, এম আই টিত "For the Love of Physics", শীৰ্ষক তেওঁৰ অন্তিম ভাষণ প্ৰদানৰ মুহূৰ্তত লুইনক দেখা গৈছে। এই ভাষণৰ ভিডিঅটো প্ৰায় ১.৫ নিযুতসংখ্যকবাৰ প্ৰদৰ্শন হৈছে। | |
জন্ম | ২৯ জানুৱাৰী, ১৯৩৬ (৮৮ বছৰ) হুগো নেডাৰলেণ্ড |
বাসস্থান | নেডাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | ডাচ্চ |
ক্ষেত্ৰ | জ্যোতিৰ্পদাৰ্থবিজ্ঞান, পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন'লজী |
শিক্ষানুষ্ঠান | ডেল্ফট য়ুনিভাৰ্ছিটী অৱ টেকনল'জী |
উল্লেখনীয় বঁটা | NASA Award for Exceptional Scientific Achievement (1978)
Everett Moore Baker Memorial Award for Excellence in Undergraduate Teaching (2003) |
ᅟনিউক্লীয় পদাৰ্থ বিজ্ঞানলৈ লুইনৰ অৱদানসমূহৰ ভিতৰত প্ৰথম ঢিমা গতিৰ নিউট্ৰন তৰাৰ ঘূৰ্ণন আৰু কৃত্ৰিম উপগ্ৰহ আৰু মানমন্দিৰৰ অনুসন্ধানৰ যোগেদি এক্স ৰে’ৰ অৱস্থিতি ধৰা পেলোৱা অন্যতম। প্ৰফেছৰ লুইন প্ৰধানকৈ তেওঁৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত আগবঢ়োৱা ভাষণ আৰু edX আৰু এম আই টিৰ মুক্ত শিক্ষা প্ৰণালীত তেওঁ আগবঢ়োৱা অৱদানসমূহৰ বাবে জনাজাত। এই ভাষণসমূহৰ ভিডিঅসমূহে বছৰি প্ৰায় দুই নিযুত সংখ্যক দৰ্শনী লাভ কৰে।
লুইনৰ পিতৃৰ নাম ৱাল্টাৰ ছিমন লুইন আৰু মাতৃ পিটাৰনেলা জোহান্না ভান ড্যৰ ট্যংগ। ১৯৩৬ চনত নেডাৰলেণ্ডৰ হুগোত তেওঁ জন্ম লাভ কৰিছিল। লুইনৰ শিশুকালতে নাজীসকলে নেডাৰলেণ্ডৰ শাসন নিজৰ অধীনলৈ আনিছিল।[1] লুইনৰ পিতা ৱাল্টাৰ ছিমন লুইনে ইহুদী হোৱা হেতু সেইসময়তে নিজৰ পৰিয়ালৰ সুৰক্ষাৰ্থে কাকো একো নোকোৱাকৈ নিজৰ মাতৃৰ হাতত শিশুকেইটিৰ দায়িত্ব অৰ্পণ কৰি সন্ধানহীন হৈ পৰিছিল। [1][2]
১৯৬০ চনৰ পৰা ১৯৬৫ চনলৈ লিবানন লিচাম ইন ৰটেৰড্যমত লুইনে পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰূপে যোগদান কৰিছিল। সেইসময়ছোৱাতে তেওঁ ডেল্ফট য়ুনিভাৰ্ছিটী অৱ টেকন’লজীত নিম্নশক্তিস্তৰৰ নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰম্ভ কৰি ১৯৬৫ চনত তাৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
১৯৬৬ চনৰ জানুৱাৰী মাহত লুইনে এম আই টিত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৭৪ চনত তেওঁ পূৰ্ণকালীন অধ্যাপক হিচাপে উন্নীত হয়।[3]
২০১২ চনৰ ৩ এপ্ৰিলত লুইনে Princeton Review ৰ এক সমীক্ষাত "The Best 300" ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এম আই টিৰ পৰা একমাত্ৰ তেওঁৱে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।[5][6]
প্ৰায় ১৫ বছৰ কাল লুইনে এমআইটিৰ কেবল টিভিৰ (MIT Cable TV) প্ৰত্যেক সপ্তাহে একঘণ্টীয়া এক কাৰ্যসূচীৰ অংশ আছিল। তেওঁ ১৯৯২ চনত নিউটনীয় বলবিজ্ঞানৰ ওপৰত আৰম্ভ কৰা শ্ৰেণীকোঠাৰ ভিডিঅসমূহ প্ৰায় ৬ বছৰতকৈও বেছি কাল প্ৰদৰ্শন হৈছিল। এই ভিডিঅসমূহ ইমানেই বেছি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যে প্ৰায় ৪ নিযুত দৰ্শকৰ ভিতৰত বিল গেটছও আছিল অন্যতম। লুইনৰ এনে ভিডিঅসমূহৰ বিষয়সমূহ আছিল নিউটনীয় বলবিজ্ঞান,বিদ্যুৎ আৰু চুম্বকত্ব আৰু দোলন আৰু তৰংগ। অৱশ্য এইসমূহ অনলাইন শিক্ষণ প্ৰণালীৰ ভিডিঅ'লুইন এক যৌন আতিশয্যৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত এম আই টিৰ ৱেবছাটৰ পৰা আঁতৰাই পেলোৱা হ'ল। ২০১১ চনত তেওঁ আগবঢ়োৱা অন্তিম ভাষণ "For the love of Physics" দৈনিক প্ৰায় ৫০০০ বাৰকৈ দৰ্শন হয়।[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.