From Wikipedia, the free encyclopedia
ৰেৱতী ফুল (বৈজ্ঞানিক নাম: Cassia roxburghii) হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2] ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়।[3] ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।[4]
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ৰেৱতী ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Cassia |
প্ৰজাতি: | C. roxburghii |
বৈজ্ঞানিক নাম | |
Cassia roxburghii DC. | |
সমাৰ্থক[1] | |
|
ইয়াৰ লেটিন বৈজ্ঞানিক পদাংশ roxburghiiয়ে স্কটীয় উদ্ভিদবিদ উইলিয়াম ৰক্সবাৰ্ঘক বুজায়।[5]
ৰেৱতী এজোপা মধ্যম আকাৰৰ গছ, প্ৰায় 15–20 মিটাৰ (49–66 ফুট) ওখ গছজোপাৰ ডাল-পাত বহলকৈ মেলখোৱা ধৰণৰ। পাতবোৰ গুলপীয়া বা কমলাৰঙৰ থুপি থুপি 15–60 cm (5.9–24 in) দীঘল, তিনিৰ পৰা পাঁচযোৰা উপ-পত্ৰথকা ঠাৰিযুক্ত, প্ৰত্যেক উপ-পত্ৰ 7–21 cm (2.8–8.3 in) দীঘল 4–9 cm (1.6–3.5 in) বহল। ফুলৰ পাহিবোৰ 4–7 cm (1.6–2.8 in) বহল আৰু ৰঙাৰ পৰা গুলপীয়া ৰঙৰ। ফল দীঘল, গোটা, চিৰা চিৰাকৈ লাগে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.