ৰেৱতী চেত্ৰী
এগৰাকী ভাৰতীয় মডেল। From Wikipedia, the free encyclopedia
এগৰাকী ভাৰতীয় মডেল। From Wikipedia, the free encyclopedia
ৰেৱতী চেত্ৰী (ইংৰাজী: Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।[1] ৰেৱতীয়ে ২০১৬ চনৰ চীনৰ বেইজিংত অনুষ্ঠিত হোৱা 'ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি' প্ৰতিযোগিতাত 'মিছ এছিয়া'ৰ খিতাপ দখল কৰে।[2] একে বছৰে তেওঁ 'ছেন'ৰিতা ইণ্ডিয়া প্ৰতিযোগিতা'ত 'মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল' খিতাপ জয় কৰে। তেওঁ ২০১৬ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হবলগীয়া 'মিছ ইণ্টাৰনেচনেল ২০১৬' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।[3][4]
ৰেৱতী চেত্ৰী | |
---|---|
ৰেৱতী চেত্ৰী | |
জন্ম | ৪ জুলাই, ১৯৯৩ (৩১ বছৰ) হাফলং, অসম |
বাসগৃহ | মুম্বাই, মহাৰাষ্ট্ৰ |
শিক্ষা | গৌহাটী বিশ্ববিদ্যালয় |
পেচা | মডেল, অভিনেত্ৰী |
উচ্চতা | ৫ ফুট ৮ ইঞ্চি |
পদবী | মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ২০১৬ মিছ এছিয়া ৱৰ্ল্ড উনিভাৰ্ছিটি ২০১৬ |
ৰেৱতীৰ পিতৃ মাতৃ ক্ৰমে বাবুৰাম চেত্ৰী আৰু বীণা চেত্ৰী। অসমৰ ডিমা হাছাও জিলাৰ হাফলংত তেওঁৰ জন্ম হৈছিল।[5] তেওঁ প্ৰথমে চেইণ্ট এগ্নেছ কনভেণ্ট স্কুলত পঢ়া-শুনা কৰিছিল। তাৰপিছত তেওঁ লামডিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ৰেৱতী বৰ্তমান গুৱাহাটীৰ এনইএফ আইন মহাবিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰী।[6][7][8]
ড্ৰীম হাউচ প্ৰডাক্টচনে প্ৰযোজনা কৰা 'তুমি মোৰ' এলবামৰ জৰিয়তে ৰেৱতীয়ে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ সংগীত সুৰকাৰ আছিল "বুলবুল আৰু ৰোষ্টি"ৰ আৰু নিৰ্দেশক আছিল দীপক দে।[9][10]
তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত হবলগীয়া ৫৬তম মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাৰ শেষত এডিমাৰ মাৰ্টিনেজে পৰৱৰ্তী বিজয়ীৰ শিৰত মুকুট পিন্ধাব।[11][12]
ৰেৱতীয়ে ২০১৬ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ছেন'ৰিতা ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ খিতাপ জয় কৰে। তেওঁ মিছ ইণ্টাৰনেচনেল ২০১৬ ত ভাৰতক প্ৰতিনিধিত্ব কৰিব।[13]
২০১৬ চনৰ চীনৰ বেইজিংত অনুষ্ঠিত ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি প্ৰতিযোগিতাত তেওঁ মিছ এছিয়াৰ খিতাপ দখল কৰে।[14]
ৰেৱতী ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ ভিতৰত এগৰাকী আছিল। তাত তেওঁ মিছ পপুলাৰ আৰু মিছ মাল্টিমিডিয়া খিতাপ জয় কৰিছিল।[15]
ৰেৱতী ফেমিনা মিছ ইণ্ডিয়া কলকাতা ২০১৫ ৰ শীৰ্ষ পাঁচ গৰাকী প্ৰতিযোগীৰ ভিতৰত আছিল। উল্লেখযোগ্য যে পূব ভাৰতৰ কলকাতাত অনুষ্ঠিত আঞ্চলিক ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ পৰা মূল ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ শীৰ্ষ ২১ গৰাকী প্ৰতিযোগী নিৰ্বাচন কৰা হয়।[16]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.