ভাৰতীয় সংবাদ চেনেল From Wikipedia, the free encyclopedia
ৰিপাব্লিক টিভি (ইংৰাজী: Republic TV) এক ইংৰাজী ভাষাৰ ভাৰতীয় বাতৰি চেনেল যি এআৰজি আউটলায়াৰ এছিয়ানেট নিউজৰ মালিকানাধীন।[1] এই কোম্পানী অৰ্ণৱ গোস্বামীৰ দ্বাৰা সমৰ্থিত। এই চেনেল ৬ মে' ২০১৭ত উদ্বোধিত হ'ল।
ৰিপাব্লিক টিভি | |
---|---|
উদ্বোধন | ৬ মে' ২০১৭ |
গৰাকী | অৰ্ণৱ গোস্বামী এআৰজি আউটলায়াৰ মিডিয়া এছিয়ানেট নিউজ |
শ্ল'গান | "You are republic, we are your voice" |
দেশ | ভাৰত |
ভাষা | ইংৰাজী |
সম্প্ৰচাৰৰ অঞ্চল | বিশ্বব্যাপী |
মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | ৰিপাব্লিক ভাৰত |
ৱেবছাইট | www |
টাইম্ছ নাও নামৰ ইংৰাজী বাতৰি চেনেলৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে সেই চেনেল ত্যাগ কৰাৰ পিছত ১৬ ডিচেম্বৰ ২০১৬ ত তেওঁ ৰিপাব্লিক নামৰ এক নতুন বাতৰি চেনেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে।[2][3] ১৪ নৱেম্বৰত তেওঁ টাইম্ছ নাওত শেষবাৰৰ বাবে নিজৰ প্ৰধান কাৰ্যক্ৰম "দ্য নিউজআৱাৰ ডিবেট"-ত ভাগ ল'লে।[4]
কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অভিজ্ঞ ৰাজনীতিবিদ সুব্ৰমণ্যম স্বামীয়ে তথ্য আৰু প্ৰচাৰ মন্ত্ৰ্যালয়ৰ আগত আপত্তি দৰ্শালে যে ৰিপাব্লিক নামে এম্ব্লেম্ছ এণ্ড নে'ম্ছ (প্ৰিভেন্সন অৱ ইম্প্ৰপাৰ য়ুজ) এক্ট ১৯৫০-ক উলংঘা কৰে। ফলস্বৰূপে চেনেলটোৰ নাম ৰিপাব্লিক টিভি ৰখাৰ সিদ্ধান্ত লোৱা হ'ল।[5]
ৰিপাব্লিক টিভি এআৰজি আউটলায়াৰ মিডিয়া প্ৰাইভেট লিমিটেডৰ অংশ যিটোক মূলত: ৰাজ্যসভাৰ বিজেপি সাংসদ তথা নেচ'নেল ডেম'ক্ৰেটিক এলায়েন্সৰ কেৰালা শাখাৰ উপসভাপতি[6] ৰাজীৱ চন্দ্ৰশেখৰণে বিত্তীয় সাহায্য আগবঢ়ায়[7]। তেখেতে তাতে ৩০কোটি টকা বিনিয়োগ কৰিছে। আন মুখ্য বিনিয়োগকাৰীসকল হৈছে অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নী,শিক্ষাবিদ ৰামদাস পাই,ৰমাকান্ত পাণ্ডা যিসকলে গোস্বামীৰ আন এটা কোম্পানী এছএআৰজি মিডিয়া হোল্ডিংগ প্ৰাইভেট লিমিটেডৰ জৰিয়তে বিনিয়োগ কৰিছিল[8]। ৰাজীৱ চন্দ্ৰশেখৰণে বিজেপিৰ লগত যুক্ত হোৱাৰ পিছত ২০১৮ৰ ৩১ মাৰ্চত সমিতিৰ পৰা পদত্যাগ কৰে|[6]
২০০৫ চনৰ পৰা ২০১২ চনলৈ টাইমছ নাওৰ মুখ্য বিত্ত বিষয়া হিচাপে কাৰ্যনিবাহ কৰা এছ সুন্দৰমক ৰিপাব্লিক টিভিতো একেই পদ দিয়া হয়[9]|বাকী যোগদানকাৰীসকল আছিল জ্যেষ্ঠ ঘোষক আৰু তামিল বাতৰি চেনেল থান্থাৰা টিভিৰ উপনিয়োজক সম্পাদক এছএ হৰিহৰণ[10]; অৱসৰপ্ৰাপ্ত সেনাবিষয়া আৰু দূৰদৰ্শন ব্যক্তিত্ব মেজৰ গৌৰৱ আৰ্য[11],টাইমছ নাওৰ জন্মু কাশ্মীৰৰ পূৰ্বৰ সংবাদদাতা আদিত্যৰাজ কৌল; জেণ্টলমেন আৰু বিজনেছ বেৰণৰ লিখক আৰু প্ৰতিষ্ঠাপক সম্পাদক মিনহাজ মাৰচেণ্ট[12] আৰু অভিনেতা অনুপম খেৰ[13]|ৰিলায়েন্স ব্ৰ'ডকাষ্ট নেটৱৰ্কৰ মুখ্য বাণিজ্যিক বিষয়া বিকাশ খানচন্দানীক মুখ্য কাৰ্যবাহী বিষয়াৰ পদ দিয়া হয়। দ্য নিউজ মাইনুটৰ সহপ্ৰতিষ্ঠাপক চিত্ৰ সুব্ৰমণিয়ামক সম্পাদকীয় উপদেষ্টা পদত বহুওৱা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.