ৰাছুল
আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি / From Wikipedia, the free encyclopedia
ইছলাম ধৰ্মত, ৰাছুল (আৰবী ভাষাত: رسول ৰাছুল্ “বাৰ্তাবাহক”, বহুবচন ৰুছুল) হ'ল আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি। ৰাছুল বুলিলে সিহঁতকেই বুজোৱা হয় যিসকলে আল্লাহৰ পৰা কিতাপ বা পুস্তক প্ৰাপ্ত হৈছে। হাদিছ সহ অন্যান্য ইছলামী কিতাপত এক লাখ চৌব্বিছ হাজাৰ মতান্তৰে দুই লাখ চৌব্বিছ হাজাৰ নবীৰ কথা কোৱা হৈছে। এইসকলৰ মাজত সকলোৱেই কিতাপ প্ৰাপ্ত হোৱা নাই। যিসকলে কিতাপ প্ৰাপ্ত হৈছে সিহঁতেই মাত্ৰ ৰাছুলৰ খিতাব পাইছে। অৰ্থাৎ সকলো ৰাছুলেই ইছলামৰ নবী কিন্তু সকলো নবীয়েই ৰাছুল নহয়। কোৰআন অনুযায়ী, আল্লাহ মানৱজাতিৰ ওচৰত বহুত নবী, ৰাছুল (আম্বীয়া, নবীৰ বহুবচন) প্ৰেৰণ কৰিছে।
মই তোমাক সত্যসহ প্ৰেৰণ কৰিছোঁ সুসংবাদ দাতা আৰু সতৰ্ককাৰী ৰূপে; এনেকোৱা কোনো সম্প্ৰদায় নাই যাৰ ওচৰত সতৰ্ককাৰী প্ৰেৰিত হোৱা নাই।
সিহঁতৰ মাজত পঁচিশ জনৰ নাম কোৰআনত উল্লেখ আছে (ইছলামৰ পয়গম্বৰ চাওক)। কোআনে এই চাৰিজনক ৰাছুল হিচাপে উল্লেখ কৰে: দাউদ (ডেভিড), মুছা (মোজেছ), ঈছা (যিশু), আৰু মুহাম্মাদ (ছাঃ)।[2]
ইছলাম ধৰ্ম অনুসৰি সকলো নবী আৰু ৰাছুলৰ মাজত শ্ৰেষ্ঠ ৰাছুল বুলি ধৰা হয় মুহাম্মাদ(ছাঃ)ক আৰু ইছলাম ধৰ্ম অনুসৰি তেখেতেই শেষ নবী। তেওঁৰ পাছত আৰু কোনো নবী নাহিব।