ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
ৰাইমা সেন (ইংৰাজী: Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামৰ বাবে জনাজাত।
ৰাইমা সেন | |
---|---|
২০১৭ চনত কলকাতাত ৰাইমা সেন | |
জন্ম | ৰাইমা দেৱ বৰ্মা ৭ নৱেম্বৰ, ১৯৭৯ (৪৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমান |
পিতৃ-মাতৃ | ভৰত দেৱ বৰ্মা (পিতৃ) মুনমুন সেন (মাতৃ) |
আত্মীয়-স্বজন | ৰিয়া সেন (ভগ্নী) সুচিত্ৰা সেন (আইতা) |
১৯৭৯ চনৰ ৭ নৱেম্বৰ তাৰিখে বোম্বেত (বৰ্তমানৰ মুম্বাই) ৰাইমা সেনৰ জন্ম হৈছিল। তেওঁৰ মাতৃ অভিনেত্ৰী মুন মুন সেন আৰু পিতৃ ভৰত দেৱ বৰ্মা। তেওঁ বঙালী চিনেমাৰ "মহানয়িকা" বুলি খ্যাত অভিনেত্ৰী সুচিত্ৰা সেনৰ নাতিনী। ৰাইমাৰ ভগ্নী ৰিয়া সেনও বলিউড উদ্যোগৰ লগত জড়িত।[1] তেওঁলোকৰ পিতৃ ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ সদস্য। তেওঁৰ পৈতৃক আইতা ইলা দেৱী কোচ বিহাৰৰ ৰাজকুমাৰী আছিল। তেওঁৰ সৰু ভগ্নী গায়ত্ৰী দেৱী জয়পুৰৰ মহাৰাণী আছিল। তেওঁৰ পৈতৃক আজু-আইতা ইন্দিৰা বৰোদাৰ মহাৰাজ সায়াজিৰাও গায়কৱাদ তৃতীয়ৰ একমাত্ৰ কন্যা আছিল।[2][3]
ৰাইমাৰ মাতৃ প্ৰজন্মৰ আজু ককা আদিনাথ সেন কলকাতাৰ এজন বিশিষ্ট ব্যৱসায়ী আছিল। প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশোক কুমাৰ সেনৰ আত্মীয় তেওঁৰ পুত্ৰ দীননাথ সেন ত্ৰিপুৰাৰ মহাৰাজৰ মন্ত্ৰী বা দিৱান আছিল।[4] সেন ভগ্নীদ্বয়ে তেওঁলোকৰ মাতৃৰ উপাধিৰে সামাজিক জীৱনত জনাজাত যদিও তেওঁলোকৰ চৰকাৰী কাকতবোৰত পিতৃৰ উপাধি দেৱ বৰ্মা ব্যৱহাৰ কৰে।[5]
ৰাইমা সেনে 'গডমাডাৰ' ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। শাবানা আজমীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত ৰাইমায়ে এক সৰু ভূমিকা ৰূপায়ণ কৰিছিল। তাৰ পিছত তেওঁ ৰবিনা টণ্ডন জীয়েকৰ চৰিত্ৰত অভিনয় কৰা কল্পনা লাজমীৰ 'দমন' ছবিখনত অভিনয় কৰিছিল।
তাৰপিছত তেওঁ ঋতুপৰ্ণ ঘোষৰ ছবি 'চোখেৰ বালি'ত অভিনয় কৰিছিল। আৰু কেইটামান গড় চিনেমাৰ পিছত তেওঁ ২০০৫ চনত 'পৰিনীতা' ছবিত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ নবাগত বিদ্যা বালনৰ সৈতে অভিনয় কৰিছিল। তাৰপিছত তেওঁ এক্সন থ্ৰিলাৰ 'দছ' আৰু বঙালী ছবি 'অন্তৰ মহল'ত অভিনয় কৰিছিল। ২০০৬ চনত তেওঁ 'দি বং কানেক্সন' ছবিখনত অভিনয় কৰিছিল। ২০০৭ চনত তেওঁ অভয় দেওলৰ সৈতে থ্ৰিলাৰ 'মনোৰমা চিক্স ফুট আণ্ডাৰ'ত কাম কৰিছিল। ২০১১ চনত তেওঁ পৰমব্ৰত চেটাৰ্জীৰ বিপৰীতে বঙালী ছবি 'বাইশে শ্ৰাৱণ'ত অভিনয় কৰিছিল।
২০১৪ চনত সেনক সমালোচকৰ দ্বাৰা প্ৰশংসিত 'হৃদয মাঝাৰে'ৰ মুখ্য চৰিত্ৰত দেখা গৈছিল। এই ছবিখন উইলিয়াম শ্বেইকছপীয়েৰৰ নাটকৰ ওপৰত আধাৰিত প্ৰথম বাংলা চলচ্চিত্ৰ আৰু বাৰ্ডৰ ৪৫০তম জন্ম বাৰ্ষিকীৰ বাবে শ্ৰদ্ধাঞ্জলি হিচাপে উপস্থাপন কৰা হৈছিল।[6][7] নবাগত চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জন ঘোষৰ এই ডাৰ্ক প্ৰেম-কাহিনীত তেওঁ আবিৰ চেটাৰ্জী আৰু ইন্দ্ৰাশীষ ৰায়ৰ সৈতে সহ-অভিনয় কৰে।[8] ছবিখনে শ্বেক্সপিয়ৰৰ নাটকৰ ওপৰত আধাৰিত বিশ্ব চিনেমাৰ তালিকাত অতি সন্মানীয় ফিল্ম লণ্ডনৰ পৰা এক বিৰল সন্মান অৰ্জন কৰিছে।[9] ছবিখন আৰু ইয়াৰ চিত্ৰনাট্যকো সন্মানীয় ইউজিচি সাহিত্য আৰ্কাইভত অন্তৰ্ভুক্ত কৰা হৈছে।[10] ছবিখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত দৃশ্যগ্ৰহণ কৰা 'চবুজ দ্বীপেৰা ৰাজা'ৰ (১৯৭৯) পিছত একমাত্ৰ অন্য বাংলা ছবি হোৱাৰ বাবেও বিখ্যাত।[11][12][13]
২০১৬ চনত তেওঁক কে.ডি. সত্যমৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা এখন ছবি 'বলিউড ডায়েৰীছ'ত দেখা গৈছিল। ছবিখনত আশিস বিদ্যাৰ্থী আৰু চালিম দিৱানেও অভিনয় কৰিছে।[14] আমাজন প্ৰাইম 'দা লাষ্ট আৱাৰ'[15] ৱেব চিৰিজ ২০২০ চনত মুক্তি পোৱা এই শৃংখলাত সমাপ্ত ৰাইমা সেন আৰু সঞ্জয় কাপুৰে এই শৃংখলাটোৰ মুখ্য ভূমিকাত অভিনয় কৰিছে। এই শৃংখলাটো অমিত কুমাৰে পৰিচালনা কৰিছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.