From Wikipedia, the free encyclopedia
ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা[16] এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী। ভাষিক জনগোষ্ঠী হিচাপে বৰ্তমান ৰহিঙীয়া হিচাপে জনাজাত হোৱা লোক সকলৰ ভাষাৰ লগত বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ বেঙ্গলী ভাষাৰ যথেষ্ট মিল আছে। আৰাকান অঞ্চলত বহু আগৰে পৰা ইছলাম ধৰ্মীয় লোকৰ বসতি আছিল বুলি জনা যায় যদিও বৰ্তমানৰ ম্যানমাৰৰ চৰকাৰে সেই ঠাইৰ চুন্নী মুছলিম সকলক ৰহিঙীয়া বুলি মান্যতা নিদি বাংলাদেশৰ পৰা ম্যানমাৰত অবৈধ ভাৱে প্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী বুলিহে চিনাক্ত কৰিছে।[17]
মুঠ জনসংখ্যা | |||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
১,৫৪৭,৭৭৮[1]–২,০০০,০০০+[2] | |||||||||||||||||||||||||||||||||||||||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||||||||||||||||||||||||||||||||
বাংলাদেশ, ম্যানমাৰ (আৰাকান ৰাজ্য), পাকিস্তান, থাইলেণ্ড, মালয়েছিয়া, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, নেপাল, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত | |||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||
ভাষাসমূহ | |||||||||||||||||||||||||||||||||||||||||||||
ধৰ্ম | |||||||||||||||||||||||||||||||||||||||||||||
ইছলাম |
ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন[18] অনুসৰি সেই দেশত তিনি প্ৰকাৰৰ নাগৰিকক স্বীকৃতি দিয়া হয়
ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন অনুসৰি ১৯৪৮ চনৰ ৪ জুলাইৰ আগতেই ম্যানমাৰত প্ৰৱেশ কৰি থিতাপি লোৱাৰ প্ৰমাণৰ অভাৱৰ বাবে নিজকে ৰহিঙীয়া বুলি দাবী কৰা আৰাকানৰ বহু ইছলাম ধৰ্মীয় লোকে নিজ দেশতে চৰকাৰী ভাৱে ভগনীয়া আখ্যা পাই ভগনীয়া শিবিৰত সোমাব লগীয়া হৈছে। এই লোকসকলে নিজকে ম্যানমাৰৰ খিলঞ্জীয়া জনগোষ্ঠী অৰ্থাৎ বাৰ্মিজ নাগৰিক বুলি দাবী কৰে যিটোত ম্যানমাৰৰ চৰকাৰে আপত্তি দৰ্শাইছে। নতুনকৈ অনুপ্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী এই লোকসকলে অতীজৰ ৰহিঙীয়া সকলৰ বংশধৰৰ ছদ্মবেশ ধৰিছে বুলি ম্যানমাৰ চৰকাৰে চিনাক্ত কৰিছে।
ব্ৰহ্মদেশ ইংৰাজৰ অধীন হোৱাৰ আগৰে পৰা ৰহিঙীয়া শব্দটোৰ ব্যৱহাৰ হৈ আছে বুলি জনা যায়। এই শব্দটো সেইসময়ৰ ৰুইয়াঙ্গা বা বাৰ্মিজ ৰুই হাং গ্যা শব্দটোৰ পৰা জন্ম হৈছে। আৰাকান প্ৰদেশক পূৰ্বতে ৰাখাঙ্গা বা ৰশ্বাঙ্গা বুলি জনা যায় আৰু বেংগলী ইছলামীয় লোক সকলৰ মুখত ই ৰহাঙ হৈ পৰে। গতিকে ৰহিঙীয়া শব্দটিয়ে ৰহাং প্ৰদেশৰ বাসিন্দা বুলি অৰ্থ বহন কৰে।[19][20]
ব্ৰিটিছ বাৰ্মিজ সাম্ৰাজ্যত ৰুইয়াঙ্গা ভাষা আৰাকান অঞ্চলৰ আদিম মুছলিম সকলৰ কথিত ভাষা হিচাপে লিপিবদ্ধ হৈ আছে। আৰবী লিপিত এই ভাষাটিৰ লিখনিৰ ২০০ বছৰ মান পুৰণি উদাহৰণ আছে। বৰ্তমানৰ ৰহিঙীয়া লোকসকলে আৰবী লিপিত তেওঁলোকৰ কথিত ভাষাতো লিখিবলৈ অসুবিধা বুলি অনুভৱ কৰি মৌলানা হানিফ নামৰ এজন লোকৰ উদ্যোগত ১৯৮৩ চনত হানিফি লিপি তৈয়াৰ কৰি লৈছে।[21]
ম্যানমাৰত ৰহিঙীয়া বুলি দাবী কৰা এনে ধৰণৰ লোক প্ৰায় ১০ৰ পৰা ১৩ লাখ আছিল যদিও বিদেশী বুলি চৰকাৰী ভাৱে আখ্যা পোৱাৰ বাবে তাৰে প্ৰায় ৯ লাখ লোকে ম্যানমাৰ ত্যাগ কৰি সীমান্ত পাৰ হৈ বাংলাদেশ, ভাৰত আৰু আন দক্ষিণ-পূব এচিয়াৰ কিছুমান ইছলামিক দেশৰ পিনে ধাপলি মেলিছে। বাংলাদেশত ৰহিঙীয়াৰ দৰে ভাষিক আৰু ধৰ্মীয় গুণাগুণ বিশিষ্ট লোকৰ সংখ্যা বৰ্তমান ১৩ লাখ মান হ'ব বুলি অনুমান কৰা হৈছে।[3] বাংলাদেশৰ ভগনীয়া শিবিৰত থকা এই লোক সকলে ম্যানমাৰলৈ উভতি যোৱাত আপত্তি কৰিছে কিয়নো ম্যানমাৰত তেওঁলোকে পুনৰ ভগনীয়া শিবিৰতে সোমাব বুলি আশংকা কৰে। তদুপৰি তেওঁলোকে ম্যানমাৰত সাম্প্ৰদায়িক হিংসাৰ বলি হ'ব বুলিও আশংকা কৰে।
২০১৩ চনত ম্যানমাৰ চৰকাৰে ৰাখাইনৰ চহৰাঞ্চলত বসবাস কৰা এই লোক সকলক দুটাতকৈ অধিক সন্তান জন্ম দিয়াত বাধা আৰোপ কৰি কয় যে তাৰ অন্যথা স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আক্ৰোশৰ পৰা তেওঁলোকক ৰক্ষা কৰাত অসুবিধা আছে। ৰাখাইনত এইলোকসকলে চৰকাৰী তথ্য অনুসৰি স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহতকৈ দহগুন অধিক হাৰত সন্তান জন্ম দিয়ে।[22]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.