২০ জুলাই (ইংৰাজী: 20 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০১তম (অধিবৰ্ষত ২০২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৪টা দিন বাকী থাকে।
- ১২৯৬ - আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্য়া কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে। [1]
- ১৯০৩ - বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে। [2]
- ১৯০৫ - লণ্ডনত ভাৰতৰ ৰাজ্য় সচিবে প্ৰথম বঙ্গ বিভাজন অনুমোদন জনায়। [3]
- ১৯৬৯ - মহম্মদ হিদায়ত উল্লাহ ভাৰতৰ প্ৰথম ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়। [4]
- ১৯৬৯ - বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
- ১৯৬৯ - এপ'ল' ১১ মহাকাশ অভিযানৰ দ্বাৰা চন্দ্ৰত প্ৰথম মানুহ হিচাপে নীল আৰ্মষ্ট্ৰং (নীল এল্ডে'ন আৰ্মষ্ট্ৰং) আৰু বুজ এলড্ৰিন-এ ভৰি দিয়ে আৰু এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল।
- ১৩০৪ - পেট্ৰাৰ্ক, ইটালীৰ কবি, পণ্ডিত।
- ১৮১২ - মাইলছ ব্ৰনছন বা ড° মাইলছ ব্ৰনছন, আমেৰিকান ব্যেপ্টিষ্ট মিছনেৰী, অসম, ভাৰতৰ উত্তৰ-পূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে, তেখেতে অসমীয়া অভিধান প্ৰণয়ন কৰিছিল৷
- ১৮৯৮ - পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য।
- ১৯১৯ - এডমাণ্ড হিলাৰী, নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী আৰু অভিযাত্ৰী। তেখেতে তেনজিং নৰগেৰ লগত ২৯ মে', ১৯৫৩ চনত এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰে। (মৃত্যু: ১১ জানুৱাৰী, ২০০৮)
- ১৯৩৩ - ৰোদ্দম নৰসিম্হা, ভাৰতীয় মহাকাশ বিজ্ঞানী।
- ১৯৫০ - নাছিৰুদ্দিন শ্বাহ, ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।
- ১৯৮০ - বিনোদ কুমাৰ, ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।
- ১৯৮৯ - অৰুণিমা সিনহা, ভাৰতীয় পৰ্বতাৰোহী।
- ১৮৬৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
- ১৯২০ - সাৰদা দেৱী, ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী।
- ১৯৩৭ - গুগ্লিয়েম’ মাৰ্কনি, পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক।
- ১৯৭২ - গীতা দত্ত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৭৩ - ব্ৰুচ লী, চীনা সমৰ কলা শিল্পী, শিক্ষক, অভিনেতা।
- ১৯৮২ - মীৰাবেন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ।</ref>
- ১৯৯১ - চিথিৰা থিৰুনাল বালাৰামা বাৰ্মা, ত্ৰ্ৰেভাঙ্কুৰৰ (ত্ৰিভাঙ্কুৰ) প্ৰাক্তন ৰজা। [5]
- ২০১৯ - শীলা দীক্ষিত, ভাৰতীয় ৰাজনীতিবিদ।