১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
From Wikipedia, the free encyclopedia
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল।[4] ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত। ভ্ৰামক মান মাপনী বা ম'মেণ্ট মেগ্ননিছিউত স্কেলত ইয়াৰ মান আছিল ৬.২ আৰু প্ৰায় ১০০০০ জন মানুহৰ মৃত্যু হৈছিলে; ৩০০০০ জন আঘাতপ্ৰাপ্ত হৈছিলে। ভূমিকম্পটো এটা অগভীৰ ভূমিকম্প আছিলে যাৰ কেন্দ্ৰটো ভূ-পৃষ্ঠৰ ১০কিমি তলত আছিলে ফল স্বৰূপে বিস্তৰ ক্ষতি সাধন হৈছিলে।