From Wikipedia, the free encyclopedia
হিমসাগৰ আম এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।
হিমসাগৰ আম ইমানেই জনপ্ৰিয় যে, এই আমক আমৰ ৰজা বোলা হয়। এই আমৰ ভিতৰৰ ৰং হালধীয়াৰ পৰা কমলা আৰু আঁহ নাই।[1] এটি স্বাভস্বাভাৱিক আমৰ ওজন ২৫০ৰ পৰা ৩৫০ গ্ৰাম হয়। তাৰে ভিতৰত ৭৭ শতাংশই হল আম বাকি ৩৩ শতাংশ আমৰ গুটি। এইটো আমৰ এটি ভাল বৈশিষ্ট্য।[2] এই আমক ভালপাই বিভিন্ন লেখকে এশৰো অধিক কবিতা লিখিছে। ভাৰত আৰু বাংলাদেশৰ এই আম অবিহনে গ্ৰীষ্মকাল কল্পনা কৰা টান।
হিমসাগৰ আম জুন মাহত গাছত পকিবলৈ আৰম্ভ কৰে আৰু জুনৰ শেষৰফালে বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়। এই আম ভাৰতৰ ঘাইকৈ নদীয়া, মুৰ্চিদাবাদ, মালদহ আৰু হুগলীত ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।[3] এই আম ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইঙ্গিত দিয়ে। সেয়ে এই আমক ভাৰতৰ ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়া হৈছে।[1]ইয়াৰ নিবন্ধন সংখ্যা ১১২।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.