From Wikipedia, the free encyclopedia
সুমেৰ বা চুমেৰ বা চুমেৰিয়া ( /ˈsuːmər/ ) দক্ষিণ মেছ'পটেমিয়াৰ ঐতিহাসিক অঞ্চলৰ (দক্ষিণ-মধ্য ইৰাক) পৰিচিত সভ্যতাসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন সভ্যতা। খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চম সহস্ৰাব্দৰ ভিতৰত চলকোলিথিক আৰু প্ৰাৰম্ভিক ব্ৰঞ্জ যুগত এই সভ্যতাৰ উত্থান ঘটিছিল। প্ৰাচীন মিচৰ, ইলাম, কেৰাল-ছুপে সভ্যতা, মেছ'আমেৰিকা, সিন্ধু সভ্যতা আৰু প্ৰাচীন চীনৰ সৈতে ই বিশ্বৰ অন্যতম স্বতন্ত্ৰভাৱে স্থাপিত হোৱা সভ্যতা। টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকাৰ কাষেৰে বাস কৰি চুমেৰিয় কৃষকসকলে প্ৰচুৰ পৰিমাণে শস্য আৰু অন্যান্য শস্যৰ খেতি কৰিছিল। অতিৰিক্তভাৱে উৎপাদিত শস্যৰ পৰা তেওঁলোকে নগৰীয়া বসতি গঠন কৰিবলৈ সক্ষম হৈছিল। এই সভ্যতাৰ চিহ্ন লিপি বা আদি-লেখা ৩০০০ খ্ৰীষ্টপূৰ্বৰ আগৰ। প্ৰাচীন লেখাসমূহৰ মূল হৈছে উৰুক আৰু জেমডেট নাছৰ চহৰ। ইয়াৰ কাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৫০০ আৰু ৩০০০।
চুমেৰিয়ান শব্দটো (চুমেৰিয়ান: 𒅴𒄀 এমে-গি বা 𒅴𒂠 এমে-গিৰ১৫, আক্কাদিয়ান : 𒋗𒈨𒊒 চুমেৰু)[1] চুমেৰিয়সকলে কোৱা ভাষাটোক দিয়া নাম। এই নামটো দিছিল তেওঁলোকৰ উত্তৰাধিকাৰী পূব চেমিটিক ভাষী আক্কাদিয়ানসকলে।[2][3][4] চুমেৰিয়সকলে তেওঁলোকৰ ভূমিক কেঙ্গিৰ বুলি উল্লেখ কৰিছিল। ইয়াৰ অৰ্থ হৈছে 'সম্ভ্ৰান্ত প্ৰভুসকলৰ দেশ' (𒆠 𒂗 𒄀)[2][5][6]
চুমেৰিয়সকলৰ উৎপত্তিৰ বিষয়ে জনা নাযায় যদিও চুমেৰবাসীয়ে নিজকে "ক'লা মূৰৰ মানুহ"[7][8][9][10] (𒊕 𒈪)[11][12][13] বুলি কৈছিল।[14] আক্কাদিয়ানসকলেও চুমেৰিয়সকলক চেমিটিক আক্কাদিয়ান ভাষাত ‘ক’লা মূৰৰ মানুহ’ বুলি কয়। [12]
অধিকাংশ ইতিহাসবিদৰ মতে সুমেৰত প্ৰথমে স্থায়ীভাৱে বসতি স্থাপন কৰা হৈছিল প্ৰায় ৫৫০০ আৰু ৪০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত।[15][16][17][18][19]
আন ইতিহাসবিদৰ মতে চুমেৰিয়সকল উত্তৰ আফ্ৰিকাৰ লোক আছিল। তেওঁলোকে সেউজ চাহাৰাৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল আৰু মধ্যপ্ৰাচ্যত কৃষিকাৰ্যৰ বিস্তাৰ কৰিছিল।[20] কিন্তু প্ৰথম কৃষকসকলৰ উৎপত্তি ফাৰ্টাইল ক্ৰিচেণ্টৰ পৰা হোৱা বুলি প্ৰমাণ পোৱা গৈছে।[21] শেহতীয়াকৈ (২০১৩) চাৰিটা প্ৰাচীন মেছ'পটেমিয়াৰ কংকালৰ ডি এন এ নমুনাৰ জিনীয় বিশ্লেষণে চুমেৰিয়সকলৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ সৈতে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছে। ই সম্ভৱতঃ প্ৰাচীন সিন্ধু-মেছ'পটেমিয়াৰ সম্পৰ্কৰ ফলত হৈছিল।[22] কিছুমান তথ্য অনুসৰি চুমেৰিয়সকল হুৰিয়ান আৰু উৰাৰ্টিয়ানসকলৰ সৈতে জড়িত, আৰু ককেছাছক তেওঁলোকৰ গৃহভূমি বুলি গণ্য কৰা হয়।[23][24][25]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.