সুতুলী
From Wikipedia, the free encyclopedia
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। এই ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। প্ৰথম অবস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলীৰ দৰে সুন ( xun) নামৰ এবিধ বাদ্য আছিল বুলি জনা যায়।[1]