ৰামায়ণৰ চৰিত্ৰ From Wikipedia, the free encyclopedia
সুকেশ (ইংৰাজী: Sukesa) লংকাৰ এগৰাকী ৰাক্ষস ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীক বিবাহ কৰাইছিল৷[1] তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী৷
সুকেশ আছিল বিধুৎকেশ আৰু সালকণ্টকটাৰ সন্তান৷ সুকেশৰ জন্ম হোৱাৰ পিছত বিধুৎকেশ আৰু সালকণ্টকটায়ে ৰতিক্ৰিয়া কৰিবলৈ নিজ সন্তান সুকেশক এৰি থৈ যায়৷ শিৱ আৰু পাৰ্বতী আকাশমাৰ্গৰে গৈ থাকোঁতে সুকেশক দেখে আৰু সিহঁতে তাক লালন-পালন কৰে৷ সুকেশৰ প্ৰকৃত পিতৃ বিধুৎকেশ আছিল হেতি আৰু কালৰ ভনিয়েক ভয়াৰ সন্তান, যি সন্ধ্যাৰ জীয়ৰী সালকণ্টকটাক বিবাহ কৰাইছিল৷
সুকেশৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মালীয়ে লংকাৰ সিংহাসনত আৰোহণ কৰে৷[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.