![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/52/Sivasagar_Pukhuri.jpg/640px-Sivasagar_Pukhuri.jpg&w=640&q=50)
শিৱসাগৰ পুখুৰী
From Wikipedia, the free encyclopedia
স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷ গভীৰতা ২০ কিউবিক৷ চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও৷
শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোহাঁই সকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁঞি বাৰীত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দুৱাইছিল। (১৭৩৪ খ্ৰীষ্টাব্দ) ১৬৫৫ শকৰ ১৮ জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ ব'হাগ মাহৰ ৬ তাৰিখে। (১৭৩৫ খ্ৰীষ্টাব্দত) এই শিৱসাগৰ পুখুৰী ৰাইজৰ বাবে উৎসৰ্গা কৰে।বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। ১৭৩১ খ্ৰীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যুৰ পিছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল। শিৱসাগৰ পুখুৰীটো পাৰৰে সৈতে মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৫ লোচা আৰু পানী ভাগৰ মাটিকালি ৯৭ পুৰা ২ বিঘা ২ কঠা । শিৱসাগৰ পুখুৰীৰ গভীৰতা ২০ কিউবিক। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰক চাৰিওটা নামেৰে নামাকৰণ কৰা হৈছিল। সেইকেইটা হ'ল:-
পূব পাৰৰ নাম চেৰেকাপাৰ,
পশ্চিম পাৰৰ নাম কাঠপাৰ,
উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু
দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ।
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/52/Sivasagar_Pukhuri.jpg/640px-Sivasagar_Pukhuri.jpg)