শাকম্ভৰী
হিন্দু ধৰ্মৰ এগৰাকী দেৱী / From Wikipedia, the free encyclopedia
শাকম্ভৰী (ইংৰাজী: शाकम्भरी) হিন্দু ধৰ্মৰ এগৰাকী দেৱী তথা পাৰ্বতীৰ অৱতাৰ। শাকম্ভৰী নামৰ অৰ্থ হৈছে "যি মানৱজাতিক ফল আৰু পাচলিৰে পুষ্টি প্ৰদান কৰিছিল।"[1] কিংবদন্তি অনুসাৰে, শত বছৰ জোৰা দুৰ্ভিক্ষৰ অন্তত পৰমশক্তিয়ে শতাক্ষী-শাকম্ভৰী হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল আৰু ভোকাতুৰ লোকসকলক আহাৰ প্ৰদান কৰিছিল। শাকম্ভৰী দেৱী হৈছে দেৱী-মাহাত্ম্যমৰ "মূৰ্তি ৰহস্যম" অংশ বা শ্ৰী শ্ৰী দুৰ্গা সপ্তশতি/শ্ৰী শ্ৰী চণ্ডিত বৰ্ণিত মাতৃৰ তৃতীয় ৰূপ।[2] তেওঁৰ অন্যান্য ৰূপ হৈছে নন্দাদেৱী, ৰক্তদন্তিকা, দুৰ্গা, ভীমা, আৰু ভ্ৰমৰী। ভাৰতৰ অলেখ শক্তি পীঠ দেৱী শাকম্ভৰীৰ প্ৰতি উচৰ্গিত। ইয়াৰে ভিতৰত ৰাজস্থানত অৱস্থিত সাক্ৰে পীঠ আৰু সম্ভাৰ পীঠ, আৰু উত্তৰাখণ্ডৰ চাহাৰানপুৰ পীঠ উল্লেখযোগ্য।
শাকম্ভৰী দেৱী | |
---|---|
"যি মানৱজাতিক ফল আৰু পাচলিৰে পুষ্টি প্ৰদান কৰিছিল" | |
![]() | |
দেৱনাগৰী | शाकम्भरी |
সঙ্গী | শিৱ |
উৎসৱ | শাকম্ভৰী নৱৰাত্ৰি, দুৰ্গা পূজা, দুৰ্গা অষ্টমী, দশেৰা, বিজয়ৱাড়াৰ কনকা মন্দিৰৰ শাকম্ভৰী পূৰ্ণিমা |
ভগৱতী শাকম্ভৰীৰ আটাইতকৈ প্ৰাচীন মন্দিৰটো শিৱালিক অৰণ্যাঞ্চলৰ মাজত এক ঋতুকালীন নদীৰ পাৰত অৱস্থিত। এই মন্দিৰৰ বৰ্ণনা স্কন্দ পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, ভাগৱতম আদিত পোৱা যায়। মাতৃৰ এই শক্তিপীঠ দেৱীৰ নিৰন্তৰ নিবাসস্থান। কোৱা হয় যে দেৱী এই ঠাইত স্বয়ম্ভূ ৰূপত আৱিৰ্ভূতা হৈছিল। জনমত অনুসৰি, জগদম্বাৰ এই ধামৰ প্ৰথম দৰ্শন কৰিছিল এজন গৰখীয়াই। তেওঁৰ সমাধি এতিয়াও মন্দিৰৰ চৌহদত আছে। ইয়াত দেৱীদৰ্শন কৰাৰ তেওঁৰ পৰম ভক্ত ভূৰাদেৱক দৰ্শন কৰাৰ এক নিয়ম আছে।