লেহ
চহৰ, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গ্ৰীষ্ম ৰাজধানী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে লেহ জিলা চাওক।
লেহ (ইংৰাজী: Leh) হৈছে ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গ্ৰীষ্ম ৰাজধানী আৰু আটাইতকৈ বৃহত্তম চহৰ। লেহ চহৰখন লেহ জিলাত অৱস্থিত। এই চহৰখন প্ৰায় ৩,৫২৪ মিটাৰ (১১,৫৬২ ফুট) উচ্চতাত অৱস্থিত। লেহ, ইয়াৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, চহকী সংস্কৃতি, ঐতিহাসিক কীৰ্তিচিহ্নৰ বাবে জনপ্ৰিয় পৰ্যটন স্থলী।