লেছবিয়ান
From Wikipedia, the free encyclopedia
লেছবিয়ান (ইংৰাজী: Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়।[1][2] চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।[3] বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[4]ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[5][6]