লেখক-সাংবাদিকৰ গাইড(ইংৰাজী: Lekhok-Sambadikor Guide) হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ। ১৯৯৮ চনত গ্ৰন্থখন উত্তৰ-পূব গ্ৰন্থমেলাত প্ৰথম প্ৰকাশ হৈছিল যদিও কিতাপখনৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ কথা চিন্তা কৰি লেখকদ্বয়ে সঞ্জীৱন প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰ মাহত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।[1] এই সংস্কৰণত মুঠ ৩৪ টা অধ্যায় আছে। প্ৰায় ৩০৩ পৃষ্ঠাৰ কিতাপখনৰ বৰ্ণসংস্থাপন আৰু অংগসজ্জাৰ কাম কৰিছে বীৰকুছি,নাৰেংগীৰ কামৰূপ ছিণ্ডিকেটে। প্ৰচ্ছদ প্ৰস্তুত কৰিছে প্ৰাচুৰ্য প্ৰীতম শইকীয়াই। নিজ পিতৃলৈ কিতাপখন অৰ্পণ কৰি লেখকদ্বয়ে লিখিছে, "লিখা-মেলাৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ'লেই যিজন মানুহৰ কাষ চাপিছিলোঁ, যিজন মানুহক আমি আজিও 'চলন্ত বিশ্বকোষ'ৰূপে বিবেচনা কৰোঁ আৰু যিজন মানুহৰ অভাৱ আজি আমি জীৱন-জীৱিকাৰ প্ৰতি ক্ষেত্ৰতে সৰ্বাধিক অনুভৱ কৰিছোঁ, সেইজন আমাৰ দেউতা, অধ্যাপক তৰুণ চন্দ্ৰ বৰুৱাৰ প্ৰতি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা অৰ্পণ কৰিলোঁ।"[1]
ক্ষিপ্ৰ তথ্য লেখক-সাংবাদিকৰ গাইড, লেখক ...
লেখক-সাংবাদিকৰ গাইড |
---|
|
লেখক |
শান্তনু কৌশিক বৰুৱা, শাংকব কৌশিক বৰুৱা |
---|
প্ৰচ্ছদ শিল্পী |
প্ৰাচুৰ্য প্ৰীতম শইকীয়া |
---|
দেশ |
ভাৰত |
---|
ভাষা |
অসমীয়া |
---|
প্ৰকাৰ |
প্ৰবন্ধ সংকলন |
---|
প্ৰকাশক |
সঞ্জীৱন প্ৰকাশন |
---|
প্ৰকাশ |
নৱেম্বৰ, ২০১৬ |
---|
মিডিয়া প্ৰকাৰ |
মুদ্ৰণ |
---|
পৃষ্ঠা সংখ্যা |
৩০৩ |
---|
আই.এচ.বি.এন. |
978 81 95001 54 5 |
বন্ধ কৰক