লেখক
From Wikipedia, the free encyclopedia
লেখক (ইংৰাজী: Writer) হ’ল এনে এগৰাকী ব্যক্তি যিয়ে নিজৰ ধাৰণাসমূহ প্ৰেৰণ কৰিবলৈ বিভিন্ন লেখাৰ শৈলী আৰু কৌশল ব্যৱহাৰ কৰে৷ লেখকসকলে বিভিন্ন ধৰণৰ সাহিত্যিক কলা আৰু সৃষ্টিশীল লেখা; যেনে:- উপন্যাস, চুটিগল্প, গ্ৰন্থ , কবিতা, ভ্ৰমণ কাহিনী, নাটক, চিত্ৰনাট্য, টেলিপ্লে, গীত, আৰু প্ৰবন্ধৰ লগতে সাধাৰণ জনতাৰ বাবে আগ্ৰহৰ বিষয় হ’ব পৰা অন্যান্য প্ৰতিবেদন আৰু বাতৰি প্ৰবন্ধ যুগুত কৰে৷ লেখকৰ গ্ৰন্থ বা ৰচনাসমূহ অনেক মাধ্যমত প্ৰকাশ পায়। যিসকল দক্ষ লেখকে ভাষা ব্যৱহাৰ কৰি ধাৰণা ভালদৰে প্ৰকাশ কৰিবলৈ সক্ষম হয়, তেওঁলোকে প্ৰায়ে এখন সমাজৰ সাংস্কৃতিক বিষয়বস্তুত যথেষ্ট অৰিহণা যোগায়। [1]
"লেখক" শব্দটো কলা আৰু সংগীতৰ অন্য ঠাইতো ব্যৱহাৰ কৰা হয়; যেনে:- গীতিকাৰ বা চিত্ৰনাট্যকাৰ, কিন্তু স্বতন্ত্ৰ "লেখক" শব্দটোৱেও সাধাৰণতে লিখিত ভাষাৰ সৃষ্টিক বুজায়। কিছুমান লেখকে মৌখিক পৰম্পৰাৰ বাবে কাম কৰে।
লেখকে কাল্পনিক বা অকাল্পনিক কেইবাটাও ধাৰাত সমল প্ৰস্তুত কৰিব পাৰে। আন লেখকসকলে তেওঁলোকৰ ধাৰণাসমূহৰ মাজত যোগাযোগ বৃদ্ধি কৰিবলৈ একাধিক মাধ্যম; যেনে: গ্ৰাফিক্স বা চিত্ৰণ ব্যৱহাৰ কৰে। শেহতীয়াকৈ নাগৰিক আৰু চৰকাৰী মঞ্চৰ পাঠকসকলে অকাল্পনিক কাৰিকৰী লেখকৰ বাবে এক চাহিদাৰ সৃষ্টি কৰিছে, যাৰ দক্ষতাই ব্যৱহাৰিক বা বৈজ্ঞানিক ধৰণ বুজিব পৰা, বোধগম্য আৰু ব্যাখ্যাত্মক নথিৰ সৃষ্টি কৰিব পাৰে। কিছুমান লেখকে তেওঁলোকৰ লেখা বৃদ্ধি কৰিবলৈ ছবি (চিত্ৰ, চিত্ৰকলা, গ্ৰাফিক্স) বা মাল্টিমিডিয়া ব্যৱহাৰ কৰে। বিৰল ক্ষেত্ৰত সৃষ্টিশীল লেখকসকলে নিজৰ ধাৰণাসমূহ সংগীতৰ লগতে শব্দৰ জৰিয়তেও প্ৰকাশ কৰিবলৈ সক্ষম হয়। [2]
নিজৰ লিখিত ৰচনা প্ৰস্তুত কৰাৰ লগতে লেখকসকলে প্ৰায়ে তেওঁলোকে কেনেকৈ লিখে (তেওঁলোকৰ লেখা প্ৰক্ৰিয়া);[3] তেওঁলোকে কিয় লিখে (অৰ্থাৎ তেওঁলোকৰ প্ৰেৰণা) [4]আৰু আন লেখকৰ ৰচনাৰ ওপৰতো মন্তব্য কৰে (সমালোচনা)৷[5]
লেখক(Writer) শব্দটো ৰচয়িতা (Author) শব্দৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে যদিও পিছৰ শব্দটোৰ অৰ্থ কিছু বহল আৰু ইয়াৰ ৰচনা বেনামী, অজ্ঞাত বা সহযোগী হ’লেও কোনো লেখাৰ বাবে আইনী দায়িত্ব প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰচয়িতাৰ জৰিয়তে প্ৰায়ে কিতাপ এখনৰ লেখকক বুজোৱা হয়৷ [6]