লিবিয়া
From Wikipedia, the free encyclopedia
লিবিয়া , হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ, পূবে ইজিপ্ত, দক্ষিণ-পূবে চুডান, দক্ষিণে চাড, দক্ষিণ-পশ্চিমে নাইজাৰ, পশ্চিমে আলজেৰিয়া আৰু উত্তৰ-পশ্চিমে টিউনিছিয়া। লিবিয়া তিনিটা ঐতিহাসিক অঞ্চলৰে গঠিত: ট্ৰিপলিটানিয়া, ফেজান আৰু চাইৰেনাইকা। প্ৰায় ১৮ লাখ কিলোমিটাৰ বৰ্গমাইল (৭ লাখ বৰ্গমাইল) আয়তনৰ এইখন আফ্ৰিকা আৰু আৰব বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ, আৰু বিশ্বৰ ১৬ নং বৃহত্তম দেশ। দেশখনৰ অনুষ্ঠানিক ধৰ্ম ইছলাম হয়। লিবিয়াৰ জনসংখ্যাৰ ৯৬.৬% চুন্নী মুছলমান। লিবিয়াৰ অনুষ্ঠানিক ভাষা আৰবী অাৰু স্থানীয় ভাষা লিবিয়ান আৰবী ভাষা আটাইতকৈ বেছি কোৱা হয় আৰু লিবিয়াৰ জনসংখ্যাৰ অধিকাংশই আৰব হয়। লিবিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত আটাইতকৈ ডাঙৰ চহৰ আৰু ৰাজধানী ট্ৰিপলি, জ'ত লিবিয়াৰ ১০ লাখৰো অধিক লোক থাকে।[1]