লিট্ লাই পেঞ কা কা
টাই আহোমৰ ধৰ্ম গ্ৰন্থ / From Wikipedia, the free encyclopedia
তাঈ আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত ' লিৎ লাই পেঞ্ কা কা '[1][2][3][4]হ'ল এখন মূল শাস্ত্ৰ। অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি। মলুং চাও বাণী দেও বাণী দেওধাই বৰুৱাৰ মতে 'লিৎ লাই পেঞ্ কা কা'ৰ অৰ্থ হ'ল -'সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত খোদিত ফলি বা শাস্ত্ৰ ' (লিৎ লাই= সৃষ্টি পুনৰ অৱতাৰণা, পেঞ্=ক্ষুদিত ফলি বা শাস্ত্ৰ, কা কা= প্ৰত্যাৱৰ্তন)। ' সৃষ্টিৰ পুনৰ অৱতাৰণা ' আৰু ' প্ৰত্যাগমন' বিষয় দুটাৰ সংযোগ ঘটাই দাৰ্শনিক দৃষ্টি ভঙ্গীৰে বিশ্লেষণ কৰি চালে দেখা যায় যে এই শাস্ত্ৰখনত বিৱৰ্তন(evolution) সম্পৰ্কে গাঢ় দাৰ্শনিক তত্ত্ব আছে। সেয়েহে এইখনক বিৱৰ্তন সম্পৰ্কীয় তাঈ আহোমৰ দৰ্শন শাস্ত্ৰহে বুলিব পাৰি। এই শাস্ত্ৰখনৰ বিষয় বস্তুক তিনিটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল আই ছিং লাও অৰ্থাৎ শব্দৰ অধিস্থাত্ৰী আইৰ বন্দনা। দ্বিতীয় ভাগত বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিৱৰ্ত্তনৰ বৰ্ণনা আৰু তৃতীয় ভাগটোত তাঈ আহোমৰ উৎপত্তি সম্পৰ্কে বৰ্ণনা সম্বলিত কৰা হৈছে।