লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
From Wikipedia, the free encyclopedia
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (ইংৰাজী: Lal Bahadur Shastri National Academy of Administration, সংক্ষেপে LBSNAA) ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডৰ মুচৌৰীত অৱস্থিত। ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় পুলিচ সেৱা, ভাৰতীয় বন সেৱা আৰু অন্যান্য গ্ৰুপ-A কেন্দ্ৰীয় সেৱাসমূহৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা একাডেমীখনৰ মুখ্য উদ্দেশ্য। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষিত প্ৰাধীকাৰীসকলক দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা লোক ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতত প্ৰথম শ্ৰেণীৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক সংঘ লোক সেৱা আয়োগ দ্বাৰা পৰিচালিত প্ৰতিযোগিতামূলক অসামৰিক সেৱা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাধিকাৰীসকলে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত চাৰিমহীয়া আধাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ইয়াৰ পাছত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাধিকাৰীসকলে এই একাডেমীখনত তেওঁলোকৰ বৃত্তিগত প্ৰশিক্ষণ আৰম্ভ কৰে।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী | |
---|---|
মূলমন্ত্ৰ | "शीलं परम भूषणम्" (সংস্কৃত) (চৰিত্ৰ হৈছে সৰ্বোচ্চ গুণ) |
স্থাপিত | ১৯৫৯ |
ধৰণ | ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান |
সঞ্চালক | শ্ৰীনিৱাস কাটিকিথালা, আই এ এছ |
স্থান | মুচৌৰী, উত্তৰাখণ্ড |
চৌহদ | মুচৌৰী |
ভুক্তি | ভাৰত চৰকাৰ |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |