লাভলী চৌবে
From Wikipedia, the free encyclopedia
লাভলী চৌবে (ইংৰাজী: Lovely Choubey; জন্ম: ৩ আগষ্ট ১৯৮০) এগৰাকী মহিলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বলাৰ।[1] কমনৱেলথ গেমছত চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈ মুঠ তিনিবাৰ অংশগ্ৰহণ কৰিছে। এইসমূহৰ ভিতৰত ২০১৪ চনৰ কমনৱেলথ গেমছত তিনি আৰু চাৰিজনীয়া,[2] ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া[1] আৰু ২০২২ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[3] ২০২২ চনৰ প্ৰতিযোগিতাত তেওঁ ভাৰতীয় মহিলা চাৰিজনীয়া দলৰ (পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী) অংশ আছিল। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ'লত পৰাস্ত কৰি তেওঁলোকে সোণৰ পদক লাভ কৰিছিল।
ক্ষিপ্ৰ তথ্য লাভলী চৌবে, ব্যক্তিগত তথ্যাৱলী ...
লাভলী চৌবে | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০২২ চনত লাভলী | |||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||
জন্ম | ৩ আগষ্ট, ১৯৮০ (৪৩ বছৰ) ৰাঁচী, ঝাৰখণ্ড | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক