![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d8/Nangsangkhane.jpg/640px-Nangsangkhane.jpg&w=640&q=50)
লাও জনগোষ্ঠী
From Wikipedia, the free encyclopedia
লাও জনগোষ্ঠী (ইংৰাজী: Lao people) দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী। তেওঁলোকে ক্ৰা-ডাই ভাষা পৰিয়ালৰ লাও ভাষা ব্যৱহাৰ কৰে। বৰ্তমানৰ দক্ষিণ চীন লাও জনগোষ্ঠীৰ আদিস্থান। তেওঁলোকে লাওছৰ মুঠ জনসংখ্যাৰ ৫৩.২% অধিকাৰ কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ সিংহভাগ গঠন কৰিছে। অন্যান্য টাই জনগোষ্ঠী যেনে চুবুৰীয়া থাইলেণ্ডৰ ইছান জনগোষ্ঠীৰ সৈতে লাওসকলৰ ওচৰ সম্পৰ্ক আছে।
![]() |
পৰম্পৰাগত বেশভূষাত এগৰাকী লাও মহিলা, লুৱাং প্ৰবাং, লাওছ |
মুঠ জনসংখ্যা |
---|
প্ৰায় ৪০ লাখ (৪ মিলিয়ন) (ইছানসকলক বাদ দি)[টোকা 1][1] |
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
![]() |
ভাষাসমূহ |
লাও ভাষা |
ধৰ্ম |
থেৰবাদী বৌদ্ধধৰ্ম, লাওছৰ লোকধৰ্ম |
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী |
অন্যান্য টাই জনগোষ্ঠী (যেনে টাই ডাম জনগোষ্ঠী, ইছান জনগোষ্ঠী, ডাই জনগোষ্ঠী আদি) |
পশ্চিমীয়া ইতিহাসতত্ত্বত লাও জনগোষ্ঠী আৰু লাওচিয়ান শব্দ দুটাৰ অৰ্থ নিৰ্দিষ্ট নাছিল। সাধাৰণভাৱে লাওছৰ সকলো অধিবাসীকে বুজাবলৈ এই শব্দ দুটাৰ ব্যৱহাৰ কৰা হৈছিল। ১৯৫৩ চনত লাওছত ফৰাচী শাসনৰ অন্ত পৰাৰ লগে লগে লাও শব্দটো খিলঞ্জীয়া জনগোষ্ঠীটোক বুজাবলৈ আৰু লাওচিয়ান শব্দটো লাওছৰ সকলো অধিবাসীকে বুজাবলৈ ব্যৱহাৰ কৰা হয়।