From Wikipedia, the free encyclopedia
লাই-ফাই (Li-Fi বা Light Fidelity) ৱাই-ফাইৰ দৰে এক দ্বিদিশীয়, উচ্চ গতিৰ সম্পূৰ্ণ নে'টৱৰ্ক সংযোজিত তাঁৰহীন যোগাযোগ প্ৰযুক্তি। প্ৰফেচাৰ হেলণ্ড হাছে নাম উদ্ভাৱন কৰা[1] লাই-ফাই আলোকীয় তাঁৰহীন যোগাযোগ (optical wireless communications)ৰ এটা উপ-সংহতি। ই ৰেডিঅ' ফ্ৰিকুৱেঞ্চীৰ (ৱাই-ফাই বা চেলুলাৰ নে'টৱৰ্ক) পৰিপূৰক হিচাপে কাম কৰাৰ লগতে তথ্য সৰবৰাহত (data broadcasting) কামত আহিব পাৰে। প্ৰতি ছেকেণ্ডত ২২৪ গিগাবাইট পৰ্যন্ত গতিৰে ই ৱাই-ফাইতকৈ প্ৰায় ১০০ গুণ ক্ষিপ্ৰ।[2]
ৰেডিঅ' ফ্ৰিকুৱেঞ্চী তৰংগৰ বিপৰীতে তাঁৰহীন এই প্ৰযুক্তিত দৃশ্যমান পোহৰ যোগাযোগ বা অৱলোহিত আৰু প্ৰায় অতিবেঙুণী ব্যৱহাৰ হয়। আলোকীয় তাঁৰহীন যোগাযোগৰ এই অংশই বহু তথ্য বহন কৰিব পাৰে আৰু RF-bandwidth limitationsৰ অসুবিধা দূৰ কৰাৰ বাবে ই সহায়ক হ'ব।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.