যোগ দৰ্শন
হিন্দু দৰ্শনৰ ৬ মুখ্য আস্তিকৰ ভিতৰত অন্যতম / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ভাৰতীয় দৰ্শনৰ বিষয়ে। যোগাভ্যাসৰ বাবে যোগাসন চাওক।
যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।[1][2] প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত।[1][3] যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।[4][5] পতঞ্জলীৰ যোগ সূত্ৰসমূহ এই দাৰ্শনিক ধাৰাৰ মূল লেখৰ অন্যতম।[6]