য়াংজে নদী
From Wikipedia, the free encyclopedia
য়াংজে নদী (Yangtze River) (ইংৰাজী ভাষাউচ্চাৰণ: /ˈjæŋtsi/ or /ˈjɑːŋtsi/), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা Yangzi) এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী। ’Qinghai-Tibet Plateau’ ৰ বৰফাবৃত অঞ্চলৰ পৰা দক্ষিণ-পশ্চিম, কেন্দ্ৰীয় আৰু পূব চীনৰ মাজেদি বৈ গৈ চাংহাইৰ পূব চীন সাগৰ (East China Sea) ত মিলিত হোৱালৈকে এই নদীয়ে প্ৰায় ৬,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰে। এই নদীয়ে চীনৰ এক-পঞ্চমাংশ অঞ্চলৰ পানীৰ প্ৰধান উৎস আৰু এই নৈৰ উপত্যকা চীনৰ এক-তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান।[6]
য়াংজে নদী (长江) | |
য়ুনান প্ৰদেশত য়াংজে নদী | |
দেশ | চীন |
---|---|
উপনৈ | |
- বাঁওদিশত | Yalong, Min, Tuo, Jialing, Han |
- সোঁদিশত | Wu, Yuan, Zi, Xiang, Gan, Huangpu |
চহৰসমূহ | Yibin, Luzhou, Chongqing, Wanzhou, Yichang, Jingzhou, Yueyang, Wuhan, Jiujiang, Anqing, Tongling, Wuhu, Nanjing, Zhenjiang, Nantong, ছাংহাই |
উৎস | Geladaindong Peak |
- অৱস্থান | Tanggula Mountains, Qinghai |
- উচ্চতা | ৫,০৪২ মি (১৬,৫৪২ ফুট) |
- স্থানাঙ্ক | 33°25′44″N 91°10′57″E |
মোহনা | East China Sea |
- অৱস্থান | ছাংহাই, আৰু জিয়াংচু |
- স্থানাঙ্ক | 31°23′37″N 121°58′59″E |
দৈৰ্ঘ্য | ৬,৩০০ কিমি (৩,৯১৫ মাইল) [1] |
অৱবাহিকা | ১৮,০৮,৫০০ বৰ্গকিমি (৬,৯৮,২৬৬ বৰ্গমাইল) [2] |
প্ৰবাহ | |
- গড় | ৩০,১৬৬ ঘনমিটাৰ/ছেকেণ্ড (১০,৬৫,৩০২ ঘনফুট/ছেকেণ্ড) [3] |
- সৰ্বোচ্চ | ১,১০,০০০ ঘনমিটাৰ/ছেকেণ্ড (৩৮,৮৪,৬১৩ ঘনফুট/ছেকেণ্ড) [4][5] |
- সৰ্বনিম্ন | ২,০০০ ঘনমিটাৰ/ছেকেণ্ড (৭০,৬২৯ ঘনফুট/ছেকেণ্ড) |
এই নদীয়ে চীনৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ইয়াৰ য়াংজে নদী ব-দ্বীপ ( Yangtze River Delta)-এ চীনৰ মূল জিডিপিৰ ২০% উৎপন্ন কৰে। এই নদী বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ মাজেৰে প্ৰবাহিত হৈছে আৰু এই অঞ্চলসমূহ জৈব-বৈচিত্ৰ্যৰ ফালৰ পৰা অতি সমৃদ্ধ। সভ্যতাৰ আৰম্ভণিৰে পৰা এই নৈ উদ্যোগ, জলসিঞ্চন, পৰিবহণ, যুদ্ধ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আহিছে। এই নৈৰ ওপৰত থকা ’Three Gorges Dam’ নামৰ নদীবান্ধটো বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ ষ্টেচন ৰূপে স্বীকৃত।[7][8]
শেহতীয়াকৈ এই নদী ওদ্যোগিক প্ৰদূষণ, কৃষিক্ষেত্ৰৰ জাবৰৰ প্ৰদূষণ আদি ভাবুকিৰ সন্মুখীন হৈছে। এই নৈৰ পশ্চিম য়ুনানৰ অংশটো ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৱৰ্ল্ড হেৰিটেজ ছাইট Three Parallel Rivers of Yunnan Protected Areas নামৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত।[9]