যতীন বৰা
অসমীয়া অভিনেতা / From Wikipedia, the free encyclopedia
যতীন বৰা (ইংৰাজী: Jatin Bora) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি। ১৯৯৫ চনত তেওঁ প্ৰদীপ গগৈ পৰিচালিত "আই কিল্ড হিম, ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০০ চনত মুক্তি পোৱা মুনিন বৰুৱা পৰিচালিত "হিয়া দিয়া নিয়া"ত কৰা অভিনয়েৰে তেওঁ অসমৰ দৰ্শকৰ মাজত এক সুকীয়া আসন দখল কৰে। যতীন বৰাই ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰে। যতীন বৰা অভিনীত, সঞ্জীৱ সভাপণ্ডিত পৰিচালিত ছবি "জুয়ে পোৰা সোন"-এ ২০০৪ চনত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত বাছনি পায়। যতীন বৰাই ২০০৬ চনত "অধিনায়ক" নামৰ এখন ছবি পৰিচালনাও কৰে। তেওঁ ১৯৯৭ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত কালসন্ধ্যা নামৰ হিন্দী ছবিখনত অভিনয় কৰে।[1]
ক্ষিপ্ৰ তথ্য যতীন বৰা, জন্ম ...
যতীন বৰা | |
---|---|
![]() "মিঠা মিঠা লগনত"ৰ এটি দৃশ্যত যতীন | |
জন্ম | ২৫ এপ্ৰিল, ১৯৭০ নগাঁও, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৮৯ - বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | নৱনীতা শৰ্মা (বি. ২০০২) |
ৱেবছাইট | |
jatinbora.in |
বন্ধ কৰক