ভাৰত-আৰ্য ভাষা From Wikipedia, the free encyclopedia
মৈথিলী (𑒧𑒻𑒟𑒱𑒪𑒲) এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । হিন্দীতকৈ বঙালী, অসমীয়া আৰু উড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।
মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।
মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাত কথা পাতে। এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি।
মৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায়।
মৈথিলী সাহিত্যৰ বিষয়ে জানিবলৈ মৈথিলী সাহিত্য পৃষ্ঠাটো চাব পাৰে।
বৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।