From Wikipedia, the free encyclopedia
মেদিনী চৌধুৰী (ইংৰাজী: Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
মেদিনী চৌধুৰী | |
---|---|
জন্ম | ৩১ মাৰ্চ ১৯২৮ চন গোৰেশ্বৰ, অসম |
মৃত্যু | ১৩ ফেব্ৰুৱাৰী ২০০৩ চন |
পেচা | সাহিত্যিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | শৰণীয়া কছাৰী জনজাতিৰ লোকে। |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | বিপন্ন সময়, ফেৰেংগদাও |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৯)[1] |
তেখেতে শ্বিলঙত অসম সচিবালয়ত কৰ্মজীৱন আৰম্ভ কৰে। পাছত অসমীয়া, নতুন অসমীয়া, দৈনিক শান্তিদূত আদি কাকতত পাঁছ বছৰ সম্পাদনা বিভাগত কাম কৰে। তেখেতে কিছুদিন সূত্ৰধাৰ আলোচনী সম্পাদনা কৰে। ১৯৫৬ চনত পুনৰ চৰকাৰী চাকৰিত যোগ দি ই.এ.চি. হিচাপে দায়িত্ব পালন কৰে।[2]
তেখেতে ‘তাত নদী নাছিল’ নামৰ উপন্যাসৰ বাবে ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ‘বিপন্ন সময়’ নামৰ উপন্যাসৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.