![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/9/97/%25E0%25A6%25AE%25E0%25A7%2581%25E0%25A6%25A8%25E0%25A7%2580%25E0%25A6%25A8_%25E0%25A6%25AC%25E0%25A7%25B0%25E0%25A6%2595%25E0%25A6%259F%25E0%25A6%2595%25E0%25A7%2580.jpeg/640px-%25E0%25A6%25AE%25E0%25A7%2581%25E0%25A6%25A8%25E0%25A7%2580%25E0%25A6%25A8_%25E0%25A6%25AC%25E0%25A7%25B0%25E0%25A6%2595%25E0%25A6%259F%25E0%25A6%2595%25E0%25A7%2580.jpeg&w=640&q=50)
মুনীন বৰকটকী
অসমৰ লেখক / From Wikipedia, the free encyclopedia
মুনীন বৰকটকী (১৯১৫-১৯৯৩) বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে যথেষ্ট সংখ্যক উচ্চমানৰ গল্প, কবিতা লিখিছে যদিও তেখেতৰ পৰিচয় এজন কৃতী সমালোচক হিচাবেহে।[1] তেখেতে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল। বৰকটকী কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু অঁনাতাৰ বিভাগৰ উৰ্দ্ধতন বিষয়া হিচাবে কৰ্মৰত আছিল আৰু ১৯৬৫ চনৰপৰা ১৯৭০ চনলৈ তেখেতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰো আৰু আকাশবাণীৰ বাৰ্তাবাহক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰী চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰি মুনীন বৰকটকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যাপনা কৰিছিল। বি এ পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উৰ্ত্তীন হৈ তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্বৰ্ণপদক অৰ্জন কৰিছিল।[2] নলিনীধৰ ভট্টাচাৰ্যই মুনীন বৰকটকী প্ৰসংগত কৈছে যে বৰকটকীৰ জ্ঞান অৰ্জনৰ হেঁপাহ যিমান আছিল তাতকৈ লেখা-মেলাৰ প্ৰতি স্পৃহা আছিল কম, যি হাৰত তেখেতে লিখিছিল তাতকৈ অধিক লিখাহ'লে এই লেখাসমূহেৰে অসমীয়া সাহিত্যৰ ভঁৰাল অধিক সমৃদ্ধ হ'লহেঁতেন।[3] বৰকটকী আছিল তেনেই প্ৰচাৰবিমুখ। জীৱনকালত তেখেতৰ এখনহে কিতাপ প্ৰকাশ হৈছিল। তেখেতেৰ মৃত্যুৰ পিছত পত্নী ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস গঠন কৰি তেখেতেৰ অন্যান্য কিতাপ আৰু লেখা-মেলাবোৰ ছপা কৰিছিল।[2]
মুনীন বৰকটকী | |
---|---|
![]() মুনীন বৰকটকী | |
জন্ম | ১৯১৫ যোৰহাট |
মৃত্যু | ৬ নৱেম্বৰ, ১৯৯৩ গুৱাহাটী |
বাসগৃহ | পঞ্চৱতী, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
পেচা | লেখক, সমালোচক |
জনা যায় | সমালোচক |
গৃহস্থান | তৰাজান, যোৰহাট |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | ৰেণুকা দেৱী বৰকটকী |
পিতৃ-মাতৃ | ৰায়চাহেব দুৰ্গাধৰ বৰকটকী, কমলিনী দেৱী |
সন্তান | মিনাক্ষী বৰকটকী |